টাটা মটৰ্ছে আৰম্ভ কৰিছে ‘গ্ৰাহক যত্ন মহোৎসৱ’ কাৰ্যসূচী

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে ২০২৪ চনৰ ১৪ জানুৱাৰীৰ পৰা ৩০ মাৰ্চলৈকে সকলো অনুমোদিত সেৱা কেন্দ্ৰ(অথৰাইজড চাৰ্ভিছ আউটলেট)ত অনুষ্ঠিত হ’বলগীয়া ‘কাষ্টমাৰ কেয়াৰ মহোৎসৱ’ নামৰ এক বিস্তৃত গ্ৰাহক সংযোগ কাৰ্যসূচী আৰম্ভ কৰিছে। কাষ্টমাৰ কেয়াৰ মহোৎসৱে গাড়ীৰ গৰাকী আৰু ট্ৰাক চালকসকলক তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ বুজিবলৈ আৰু নিজকে জড়িত কৰিবলৈ এখন মঞ্চ প্ৰদান কৰিব।

ইয়াত প্ৰশিক্ষিত টেকনিচিয়ানৰ দ্বাৰা বাহন পৰীক্ষাৰ লগতে টাটা জেনুইন পাৰ্টছত ৰেহাই আৰু বাৰ্ষিক মেইনটেনেঞ্চৰ সুবিধা, ফ্লীট মেনেজমেণ্ট সমাধান আৰু ফ্লীট এজৰ দৰে মূল্য-সংযোজিত সেৱাৰ দৰে লাভালাভসমূহ প্ৰদান কৰে। চালকসকলে সম্পূৰ্ণসেৱা ২.০ পদক্ষেপৰ জৰিয়তে সুৰক্ষিত ড্ৰাইভিং পদ্ধতি, স্বাস্থ্য পৰীক্ষা, স্বচ্ছতা সঁজুলি(হাইজিট কিট) আৰু মূল্য প্ৰস্তাৱৰ ওপৰত ব্যাপক প্ৰশিক্ষণ লাভ কৰিব।

টাটা মটৰ্ছৰ সম্পূৰ্নসেৱা ২.০ হৈছে এক বিশাল যত্নৰ টোপোলা(কমপ্ৰিহেনছিভ কেয়াৰ পেকেজ), যিয়ে এখন গাড়ীৰ জীৱনচক্ৰৰ সকলো দিশ সামৰি লয়, যাৰ ভিতৰত আছে ব্ৰেকডাউন সমৰ্থন, নিশ্চিত টাৰ্ণআউট সময়, বাৰ্ষিক চোৱা-চিতা বা মেৰামতি(মেইনেটেঞ্চ)ৰ সুবিধা আৰু আচল স্পেয়াৰ পাৰ্টছ ব্যৱহাৰৰ সুবিধা ইত্যাদি। এই প্ৰতিষ্ঠানটোৱে ফ্লীট এজ, এক ডাটা-চালিত সংযোজিত বাহন প্লেটফৰ্ম প্ৰদান কৰে, যিয়ে প্ৰতিটো পৰ্যায়ত ব্যৱসায়ৰ বাবে সমৰ্থন আৰু সুবিধা নিশ্চিত কৰে। এই স্বকীয় কাৰ্যসূচীৰ বিষয়ে বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰি টাটা মটৰ্ছৰ কাৰ্যবাহী সঞ্চালক গিৰীশ ৱাঘে কয় যে, “আমি সকলো গ্ৰাহক আৰু চালকক সক্ৰিয়ভাৱে অংশগ্ৰহণ বা জড়িত কৰিবলৈ আৰু ব্যক্তিগতভাৱে টাটা মটৰ্ছৰ বিস্তৃত পৰিসৰৰ অফাৰৰ অভিজ্ঞতা লাভ কৰিবলৈ উষ্ম আদৰণি জনাইছো, যিবোৰ অতি সতৰ্কতাৰে প্ৰস্তুত কৰা হৈছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *