টাটা এআইএ লাইফৰ মিডকেপ মমেণ্টাম ইণ্ডেক্স ফাণ্ডৰ আত্মপ্ৰকাশ

105

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে (টাটা এআইএ) মুকলি কৰিলে মিডকেপ মমেণ্টাম ইণ্ডেক্স ফাণ্ড, যি হৈছে ভাৰতৰ মিডকেপ খণ্ডৰ গতিশীল বৃদ্ধিৰ সম্ভাৱনাৰ মূলধন হিচাপে ব্যৱহাৰ কৰাৰ লক্ষ্যৰে নতুন ফাণ্ড অফাৰ।  ভাৰতীয় ইকুইটি বজাৰে গুৰুত্বপূৰ্ণ সম্পদ সৃষ্টিৰ সুযোগ প্ৰদান কৰিছে কিয়নো অহা কেইটামান দশকত অৰ্থনীতি যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৰ্ধিত ব্যৱহাৰ, বৰ্ধিত নিষ্পত্তিযোগ্য উপাৰ্জন, সংগঠিত খণ্ডত ৰূপান্তৰ, বিশ্বব্যাপী যোগান শৃংখলা পুনৰ সংৰেখন(ৰিএলাইনমেণ্ট) আৰু সহযোগী চৰকাৰী নীতিৰ দ্বাৰা চালিত এই কাৰকবোৰে মিডকেপ কোম্পানীবোৰৰ বিকাশৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰে।

নিউ ফাণ্ড অফাৰিং (এনএফঅ’) উইণ্ডো ১৫ জুনলৈকে প্ৰতি ইউনিটত ১০ টকাৰ এনএভিত খোলা থাকিব। মিডকেপ মমেণ্টাম ইণ্ডেক্স ফাণ্ডে নিফটি মিডকেপ ১৫০ মমেণ্টাম ৫০ সূচকাংকক প্ৰতিফলিত কৰে, যিয়ে নিফটি মিডকেপ ১৫০ৰ ভিতৰত শীৰ্ষ ৫০টা অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হোৱা কোম্পানীৰ প্ৰদৰ্শনৰ বিষয়ে অনুসৰণ কৰে। মিডকেপ মমেণ্টাম ইণ্ডেক্স ফাণ্ডৰ উদ্দেশ্য হৈছে মিডকেপ কোম্পানীসমূহৰ বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ’ৰ জৰিয়তে দীৰ্ঘম্যাদী মূলধন বৃদ্ধিৰ লক্ষ্য, য’ত ৮০%-১০০% ইকুইটি আৰু ইকুইটি-সম্পৰ্কীয় সঁজুলি আৰু ০%-২০% নগদ ধন আৰু মুদ্ৰা বজাৰ(মানি মাৰ্কেট)ৰ ছিকিউৰিটিৰ ফাণ্ড গঠন কৰা।

টাটা এআইএৰ কাৰ্যবাহী উপাধ্যক্ষ আৰু মুখ্য বিনিয়োগ বিষয়া (চিআইঅ’) হৰ্ষদ পাটিলে এই বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “আমাৰ এই অফাৰে গ্ৰাহকসকলক আমাৰ দ্বাৰা আগবঢ়োৱা অন্তৰ্নিহিত বিনিয়োগ-সম্পৰ্কিত প্লেনৰ পৰা বিত্তীয় সুৰক্ষা আৰু স্বাস্থ্য আৰু সুস্থতাৰ লাভালাভৰ দ্বাৰা সমৰ্থিত দীৰ্ঘম্যাদী ৰিটাৰ্ন উপভোগ কৰিবলৈ সক্ষম হ’ব।”