নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী ৰাজ্যত উদ্দেশ্যপ্ৰণোদিতভাৱে কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ তুলি আজি উচ্চতম ন্যায়ালয়ত ইডিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে। আই-পেকৰ কাৰ্যালয়ত ইডিৰ অভিযানক লৈ অনুষ্ঠিত হয় এক দীঘলীয়া শুনানি। ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰ ডিভিজন বেঞ্চে দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত শ্বেপিয়েৰ সৰণী থানাসহ ৪খনকৈ এজাহাৰৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। লগতে প্ৰতীক জৈনৰ বাসগৃহ আৰু চল্টলেকৰ আই-পেক কাৰ্যালয়ৰ চিচিটিভি ফুটেজ সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দি আগন্তুক ৩ ফেব্ৰুৱাৰীলৈ গোচৰটোৰ পৰৱৰ্তী শুনানি পিছুৱাই দিয়ে।
আজি আদালতত শুনানি আৰম্ভ হোৱাৰ লগে লগে ইডিৰ অধিবক্তাই অভিযোগ কৰে যে কয়লা কেলেংকাৰীৰ তদন্তৰ নামত আই-পেকৰ একাউণ্টলৈ যোৱা কোটি কোটি টকাৰ উৎস বিচাৰি তেওঁলোকে অভিযান চলাইছিল। কিন্তু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰক্ষী আয়ুক্তৰ সৈতে অভিযানত বাধা দি ইডিৰ হাতৰ পৰা নথিপত্ৰ কাঢ়ি নিয়া বুলি তুষাৰ মেহতাই আদালতত দাবী কৰে। আনহাতে, তৃণমূলৰ হৈ কপিল চিব্বল আৰু অভিষেক মনু সিংভীয়ে প্ৰশ্ন কৰে যে আই-পেক এটা নিৰ্বাচনী কৌশল নিৰ্ধাৰণ কৰা সংস্থা আৰু নিৰ্বাচনৰ ঠিক পূৰ্বে তেওঁলোকৰ কাৰ্যালয়ত কেনেকৈ ইডিয়ে অভিযান চলাব পাৰে? তেওঁলোকে অভিযোগ কৰে যে ইডিয়ে আই-পেকৰ পৰা তৃণমূলৰ গোপন ৰাজনৈতিক তথ্য চুৰি কৰাৰ উদ্দেশ্যৰেহে এই অভিযান চলাইছিল।
উচ্চতম ন্যায়ালয়ে শুনানিৰ অন্তত এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণত কয় যে কেন্দ্ৰীয় সংস্থাসমূহৰ যিকোনো নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। অৱশ্যে আইনগতভাৱে চলা তদন্তত ৰাজনৈতিক স্বাৰ্থৰ ঢাল লৈ বাধা দিব নোৱাৰিব বুলিও আদালতে স্পষ্ট কৰি দিয়ে। আদালতৰ পৰা ওলাই আহি তৃণমূলৰ নেতা কল্যাণ বেনাৰ্জীয়ে কয়- “নিৰ্বাচনৰ আগে আগে কেন্দ্ৰীয় সংস্থাক পঠিয়াই আমাক ধমক দিয়াৰ চেষ্টা চলোৱা হৈছে।” সমগ্ৰ বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ে ২ সপ্তাহৰ ভিতৰত সকলো পক্ষৰ পৰা সঁহাৰি বিচাৰিছে।
