ছুপাৰ.মানি-এ আগবঢ়াইছে ইউপিআই প্ৰডাক্ট সম্বন্ধীয় অভিনৱ এফডি

ছুপাৰ.মানিয়ে আজি ছুপাৰএফডি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ছুপাৰএফডি হৈছে সম্পূৰ্ণ ডিজিটেল চেভিংছ প্ৰডাক্ট, যিয়ে ফিক্সড ডিপ’জিটলৈ ইউপিআইৰ সহজতা আৰু সুলভতা লৈ আহিছে। কোম্পানীটোৱে সমগ্ৰ প্ৰক্ৰিয়াটোক সম্পূৰ্ণ ডিজিটেল (২মিনিটতকৈ কম), নমনীয় আৰু অতি ৰিৱাৰ্ডজনক কৰি এফডিসমূহক ন ৰূপত সংজ্ঞায়িত কৰাৰ লক্ষ্য লৈছে।

ছুপাৰ.মানিৰ ব্যৱহাৰকাৰীসকলে বৰ্তমান আৰবিআইৰ অনুমোদিত ৫টা বেংকৰ জৰিয়তে সুবিধা নিৰ্বাচন কৰিব পাৰে। ছুপাৰ.মানিৰ সকলো এফডি ডিআইচিজিচিৰ দ্বাৰা ৫,০০,০০০ টকা পৰ্যন্ত বীমা কৰিব পাৰিব। এটা উদ্যোগ প্ৰথম ছুপাৰএফডি হৈছে এনে এক সামগ্ৰী, যিয়ে ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত সঞ্চয়ক প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখে। ছুপাৰএফডিৰ সহায়ত ব্যৱহাৰকাৰীয়ে ১০০০ টকাৰ কম টকাও এফডি কৰিব পাৰে আৰু ৯.৫% পৰ্যন্ত সুত লাভ কৰিব পাৰে।

ডিজিটেলভাৱে প্ৰোথিত আৰু আৰ্থিকভাৱে সজাগ নতুন যুগৰ ভাৰতীয় বিনিয়োগকাৰীসকলৰ কথা মনত ৰাখি এই প্ৰডাক্ট ডিজাইন কৰা হৈছে। ছুপাৰ.মানিৰ প্ৰতিষ্ঠাপক তথা চিইঅ’ প্ৰকাশ ছিকাৰিয়াই নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “আমি ইউপিআই-ত প্ৰথমবাৰৰ বাবে এফডি মুকলি কৰিবলৈ পাই অতিশয় উৎসাহিত হৈছোঁ।” ছুপাৰএফডিৰ জৰিয়তে কম বিপদজনক সঞ্চয়ৰ আহিলা প্ৰদান কৰি বেংকিং খণ্ডত ঋণ আৰু জমা বৃদ্ধিৰ মাজত বৃদ্ধি পোৱা ব্যৱধানৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ ব্যৱস্থা কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *