ছানফিষ্ট ডাৰ্ক ফেণ্টাচিৰ শেহতীয়া ব্ৰেণ্ড পদক্ষেপ ‘ফেণ্টাচি জৰুৰী হ্যে’ মুকলি

ছানফিষ্ট ডাৰ্ক ফেণ্টাচিয়ে মুকলি কৰিলে নিজৰ শেহতীয়া ব্ৰেণ্ড অভিযান ‘ফেণ্টাচি জৰুৰী হ্যে’, যাৰ মূলতে আছে এক আলোড়নকাৰী হিন্দী কবিতা, যি কবিতাক ছবিৰ ৰূপত উপস্থাপন কৰা হৈছে, যিয়ে ফেণ্টাচিৰ বহু মাত্ৰাক সুন্দৰভাৱে অন্বেষণ কৰিছে — ই কি, ক’ত থাকিব পাৰে, কেনেদৰে প্ৰকাশ পায় আৰু আমাৰ জীৱনত কিয় অপৰিহাৰ্য? ৰাষ্ট্ৰীয় বঁটা বিজয়ী গীতিকাৰ আৰু নেপথ্য কণ্ঠশিল্পী স্বানন্দ কিৰকিৰেই ৰচনা কৰা আৰু বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ আবৃত্তিৰ এই কবিতাটোৱে শ্ৰোতা-দৰ্শককক দৈনন্দিন জীৱনৰ ৰুটিনৰ পৰা কল্পনাৰ সীমাহীন সম্ভাৱনালৈকে এক ৰূপহী আৰু ৰূপান্তৰিত যাত্ৰালৈ লৈ যায়। ব্ৰেণ্ড প্ৰস্তাৱ “হৰ দিল কি ফেণ্টাচি”ৰ প্ৰতি সততাৰে নিপুণ ৰূপত ছানফিষ্ট ডাৰ্ক ফেণ্টাচিয়ে মানুহে কল্পনা কৰা, পলায়ন কৰিব বিচৰা আৰু প্ৰকাশৰ অপৰিসীম উপায় উদযাপন কৰি আহিছে — সৰু-বৰ বিভিন্ন মুহূৰ্তত।

আইটিচি লিমিটেডৰ খাদ্য বিভাগৰ বিস্কুট আৰু কেক ক্লাষ্টাৰ খণ্ডৰ মুখ্য পৰিচালন বিষয়া আলী হেৰিছ শ্বেৰেই এই বিষয়ে কয় যে, “’ফেণ্টাচি জৰুৰী হ্যে’ৰ জৰিয়তে আমি ডাৰ্ক ফেণ্টাচিয়ে মানুহক নিজৰ নিজৰ দৈনন্দিন ৰুটিনৰ পৰা মুক্ত হ’বলৈ আৰু জীৱনত ফেণ্টাচিৰ পৰিৱৰ্তনশীল স্পৰ্শ ন ৰূপত অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনাইছো।” প্ৰচাৰ ছবিখনৰ বাবে নিজৰ কণ্ঠ আৰু উপস্থিতিৰ অনুভৱৰ কথা প্ৰকাশ কৰি শ্বাহৰুখ খানে কয় যে, “ফেণ্টাচি জৰুৰী হ্যে’ই সেই শক্তিৰ সৈতে কথা পাতে — যি কল্পনাই আমাক আৰু আগুৱাই লৈ যায়।”

এফচিবি উল্কাৰ ৰাষ্ট্ৰীয় সৃষ্টিশীল সঞ্চালক সুচিত্ৰা গেহলটে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “ফেণ্টাচি জৰুৰী হ্যে’ কেৱল ব্ৰেণ্ড অভিযান সৃষ্টি কৰাই নহয়—লগতে কল্পনাৰ যাদুক কেন্দ্ৰ কৰি কথোপকথনেৰে অনন্য মাত্ৰা প্ৰদান কৰিছে।” ফেণ্টাচি জৰুৰী হ্যেৰ সৈতে ছানফিষ্ট ডাৰ্ক ফেণ্টাচিয়ে শ্বাহৰুখ খানৰ সৈতে সম্পৰ্ক গভীৰ কৰি তুলিছে আৰু সমগ্ৰ ভাৰতৰ লোকসকলৰ মাজত এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। টিভিচি লিংক: https://youtu.be/p61Pf9F0u3M?feature=shared । ইনষ্টাগ্ৰাম পোষ্ট: https://www.instagram.com/reel/DJRTByVhQBX/?igsh=ZjV6ZTFuOXdrZXoz

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *