স্কোডা অটোৰ সমৃদ্ধিশালী অগ্ৰগতি

স্কোডা অটো ইণ্ডিয়াই ভাৰতকেন্দ্ৰিক প্ৰডাক্ট কৌশলৰ বাবেই যোৱা দুবছৰত ১,০০,০০০ৰো অধিক গাড়ী বিক্ৰীৰ আকৰ্ষণীয় মাইলৰ খুঁটি অৰ্জন কৰিছে। কোম্পানীটোৱে মুকলি কৰিছিল দুটা বিশ্বমানৰ সামগ্ৰী-কুছাক আৰু শ্লাভিয়া, এই শিখৰত উপনীত হ’বলৈ ছয় বছৰতকৈও অধিক সময় লাগিছিল প্ৰতিষ্ঠানটোক। ২০২২ চনত কোম্পানীটোৱে ৫৩,৭২১খন গাড়ীৰ বিক্ৰী পঞ্জীয়ন কৰিছিল যদিও ২০২৩ চনত ৪৮,৭৫৫খন গাড়ীৰ বিক্ৰী কৰিবলৈ সক্ষম হয়। কোডিয়াকৰ বিক্ৰীৰ ক্ষেত্ৰতো ১০০% বৃদ্ধিৰে অভিলেখ গঢ়ি ভাৰতক স্কোডা অটোৰ বাবে এক প্ৰধান বজাৰ ৰূপে গঢ়ি তুলিছে।

২০২৩ চনৰ শেষলৈকে ২৬০ টাচপইণ্টৰ সৈতে কোম্পানীটোৱে নিজৰ নেটৱৰ্ক আৰু গ্ৰাহক আধাৰ সম্প্ৰসাৰিত কৰিছে। ব্ৰেণ্ড ডাইৰেক্টৰ পেট্ৰ’ জেনেবাই ২০২৩ চনৰ ভিতৰত এই ধাৰাবাহিকতা বজাই ৰখাৰ গুৰুত্বৰ ওপৰত সৰ্বাধিক দৃষ্টি ৰাখে। প্ৰতিষ্ঠানটোৰ সমগ্ৰ সামগ্ৰীৰ পৰিসৰত নিৰন্তৰ বৃদ্ধি, নেটৱৰ্ক সম্প্ৰসাৰণ আৰু বিক্ৰী আৰু বিক্ৰীৰ পিছৰ মানদণ্ড উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ২০২৩ত কুছাক আৰু শ্লাভিয়াই গ্ল’বেল এনচিএপিৰ কঠোৰ পৰীক্ষা(ষ্ট্ৰিক্টাৰ টেষ্ট) প্ৰট’কলৰ অধীনত সম্পূৰ্ণ ৫ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰিছে।

স্কোডা অটো ইণ্ডিয়াই জিচিচি আৰু অন্যান্য ৰাইট হেণ্ড ড্ৰাইভ(সোঁফালে বহি চালনা) বজাৰলৈ ভাৰতত নিৰ্মিত গাড়ী ৰপ্তানি কৰি ২০২৪ চনত ভিয়েটনামত প্ৰৱেশ-বিনিয়োগৰ পৰিকল্পনা কৰিছে। কোম্পানীটো ভক্সৱগেন গ্ৰুপৰ অংশ আৰু ৩০ বছৰ ধৰি সদস্য হৈ আছে। ২৬০ৰো অধিক গ্ৰাহক টাচপইণ্টৰ সৈতে ১৫০খনতকৈও অধিক চহৰত স্কোডা অটো ইণ্ডিয়াৰ উপস্থিতি আছে আৰু ২০২২ চনত ৫৩,৭২১ ইউনিট বিক্ৰীৰ ১২৫% তিনি অংকৰ বৃদ্ধিৰে অভিলেখ গঢ়িছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *