জাৱৰত জুই লগাবলৈ গৈ অগ্নিদগ্ধ হৈছিল পুত্ৰ! বচাবলৈ গৈ মৃত্যু মাতৃৰো

অৱসাৱধানতাই চৰম কাল হৈ নামি আহিল এটা পৰিয়ালৰ। বাৰীৰ পিছফালে জাৱৰ জ্বলাবলৈ গৈ নিজেই অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এহাল মাতৃৃ-পুত্ৰই।

ৰঙিয়াৰ কানিকুছি ভয়ৰাত সংঘটিত এক শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। মৃত মাতৃগৰাকীক ৰীতামণি চৌধুৰী (৪৫) আৰু পুত্ৰ মোজাক্কিৰ হুছেইন (১৯) বুলি চিনাক্ত কৰা হৈছে।

এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ সূত্ৰপাত ঘটে ঘৰৰ পিছফালে থকা জাবৰ জ্বলোৱাক কেন্দ্ৰ কৰি। পুত্ৰ মোজাক্কিৰে জাবৰখিনিত পেট্ৰ’ল ঢালি জুই জ্বলাই দিয়াৰ সময়তে দুৰ্ভাগ্যবশতঃ তেওঁৰ নিজৰ গাতো জুই লাগে।

তীব্ৰ যন্ত্ৰণাত ছটফটাই থকা পুত্ৰক জুইৰ পৰা ৰক্ষা কৰিবলৈ গৈ মাতৃ ৰীতামণি চৌধুৰীও জুইৰ কবলত পৰে। ফলত মাতৃ-পুত্ৰ দুয়োগৰাকীয়ে গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আৰু পৰৱৰ্তী সময়ত দুয়োৰে মৃত্যু ঘটে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *