স্কোডা কাইলাকে ভাৰত এনচিএপি ক্ৰেছ টেষ্টত অৰ্জন কৰিছে ৫-ষ্টাৰ ৰেটিং

স্কোডা অটো ইণ্ডিয়াৰ প্ৰথমখন চাব-৪ মিটাৰ এছ ইউ ভি কাইলাকে ভাৰত এনচিএপি (নতুন বাহন মূল্যায়ন পদক্ষেপ)ত ৫ তাৰকাযুক্ত সুৰক্ষা ৰেটিং লাভ কৰিছে। এই ফলাফলৰ লগে লগে কাইলাক বাহনখন ভাৰত এনচিএপি পৰীক্ষাত অংশগ্ৰহণ কৰা প্ৰথমখন স্কোডা বাহন ৰূপে পৰিগণিত হ’ল, যিয়ে কুছাক আৰু শ্লাভিয়াই প্ৰতিষ্ঠা কৰা ব্ৰেণ্ডটোৰ সুৰক্ষাৰ উৎকৃষ্টতাৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে।

স্কোডা অটো ইণ্ডিয়াৰ ২.০ গাড়ীসমূহে প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে সুৰক্ষাৰ বাবে নিজ নিজ গ্ল’বেল এনচিএপি ক্ৰেচ টেষ্টত ৫ তাৰকা সুৰক্ষা ৰেটিং লাভ কৰিছে। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ পিটাৰ জানেবাই এই কথা সদৰি কৰি কয় যে, “স্কোডাৰ ডিএনএতে সুৰক্ষা অন্তৰ্নিহিত আৰু ২০০৮ চনৰে পৰা প্ৰতিখন স্কোডা গাড়ী বিশ্বব্যাপী ক্ৰেশ্ব-পৰীক্ষা কৰা হৈছে আৰু ভাৰতত সুৰক্ষা ৰেটিঙত ফাইভ ষ্টাৰ লাভ কৰিছে।”

স্কোডা কাইলাকে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি ব্ৰেণ্ডৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰিছে, য ‘ত সকলো প্ৰকাৰত ২৫তকৈও অধিক সক্ৰিয় আৰু নিষ্ক্রিয় সুৰক্ষা প্ৰযুক্তি মানক হিচাপে আছে। শক্তিশালী এমকিউবি-এ0-আইএন প্লেটফৰ্মত প্ৰস্তুত কাইলাকে ভাৰতীয় পথ আৰু গাড়ী চালনা পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ উন্নত অভিযান্ত্ৰিক আৰু উদ্ভাৱনীমূলক বৈশিষ্ট্যসমূহক একত্ৰিত কৰে। কাইলাকে এতিয়া এই পৰম্পৰাক আগুৱাই কঢ়িয়াই নিছে, বিশেষকৈ ভাৰতীয় বজাৰৰ বাবে উপযোগী বিশ্বমানৰ সুৰক্ষা মানদণ্ড প্ৰদান কৰাৰ ক্ষেত্ৰত স্কোডাৰ সমৰ্পণ প্ৰদৰ্শন কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *