ষ্টাইলিছ কমপেক্ট এছইউভি ডিজাইনেৰে সাজু হৈছে স্কোডা অটো ইণ্ডিয়া, ২০২৫ত বিশ্বজুৰি মুকলি কৰিব বাহন

83

স্কোডা অটো ইণ্ডিয়াই ২০২৫ত বিশ্বজুৰি মুকলি কৰিবলগীয়া বহু প্ৰত্যাশিত কমপেক্ট এছইউভিখনৰ দ্বিতীয়টো টিজাৰ মুকলি কৰিলে। ভাৰতৰ সমৃদ্ধিৰ কাহিনীৰে উদ্বুদ্ধ ৪ মিটাৰ এছইউভি ছেগমেণ্টত বিশ্ববজাৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ নতুন অফাৰ মুকলিৰ পদক্ষেপে স্কোডাৰ কৌশলগত সম্প্ৰসাৰণ আৰু ভাৰতীয় বজাৰৰ প্ৰতি দায়বদ্ধতাক প্ৰতফলিত কৰিছে। বহুমুখী এমকিউবি-এঅ’-আইএন প্লেটফৰ্মত প্ৰস্তুত কৰা বাহনখন সফল কুশ্বাক আৰু শ্লাভিয়া মডেলৰ আধাৰত প্ৰস্তুত কৰা হৈছে, স্কোডাৰ আগন্তুক এছইউভিয়ে ইউৰোপীয় কাৰুকাৰ্য্য আৰু স্থানীয় ডিজাইন সংবেদনশীলতাৰ সংমিশ্ৰণৰ প্ৰতিশ্ৰুতি দিছে।

স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ পেট্ৰ জেনেবাই এই নতুন বাহন মুকলি আৰু শেহতীয়া পদক্ষেপৰ বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে, “আমাৰ নতুন কমপেক্ট এছইউভিখনে ভাৰতৰ নগৰীয়া ড্ৰাইভিং পৰিস্থিতিৰ বাবে আদৰ্শ ৰূপে বিবেচিত হৈ কমপেক্ট পদচিহ্নৰ ভিতৰত ‘ডাঙৰ বাহন’ৰ অভিজ্ঞতা প্ৰদান কৰিব।” ডিজাইন টিজাৰত স্কোডাৰ মডাৰ্ন চলিড ডিজাইনৰ ৰূপ প্ৰদৰ্শন কৰা হৈছে, ইয়াত স্পষ্ট ৰেখা আৰু পেশীবহুল কনট্যুৰৰ সুবিধা প্ৰদান কৰা হৈছে, যিয়ে ৰাজপথত প্ৰতিষ্ঠানটোৰ উপস্থিতি বৃদ্ধি কৰিব। উচ্চ গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু শক্তিশালী হুইল আৰ্চৰ সৈতে এই এছইউভিখনক যিকোনো অঞ্চলতে সহজে মোকাবিলা কৰিব পৰাকৈ বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।

গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পোৱা অটোমোটিভ বজাৰত চৰ্চিত স্কোডাৰ নতুন কমপেক্ট এছইউভিখনে ষ্টাইল, প্ৰদৰ্শন আৰু ব্যৱহাৰিকতাৰ মিশ্ৰণেৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সাজু হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে গুৱাহাটীৰ বিচক্ষণ গ্ৰাহকসকলে স্কোডাৰ ইউৰোপীয় ঐতিহ্য আৰু স্থানীয়ভাৱে বিকশাই তোলা এমকিউবি-এ০-আইএন প্লেটফৰ্মৰ নিৰ্ভৰযোগ্যতাক প্ৰশংসা কৰাৰ সম্ভাৱনা আছে।