স্কিল ইণ্ডিয়া ডিজিটেলে সমগ্ৰ বিশ্বতে আগ্ৰহৰ সৃষ্টি কৰিছে, ২০খন দেশৰ বাবে ভাৰত হ’ব দক্ষতাৰ অনুপ্ৰেৰণা

নতুন দিল্লীত বিশ্ব বেংকৰ উদ্যোগত আয়োজিত গ্লবেল সহযোগিতা উদযাপনৰ এক উল্লেখযোগ্য অনুষ্ঠানত আজি ২০খন দেশে  “শিক্ষা জ্ঞান বিনিময় সম্পৰ্কীয় ভাৰত সন্মিলন”ৰ বাবে একত্ৰিত হৈছে। ভাৰতৰ যুগান্তকাৰী স্কিল ইণ্ডিয়া ডিজিটেল(এছআইডি)ৰ প্লেটফৰ্মত জিলিকি উঠিছিল ভাৰতৰ প্ৰজ্ঞা, এই পদক্ষেপৰ আৰম্ভণি, ৰূপায়ণ আৰু প্ৰভাৱশালী শিক্ষণৰ পৰা শিকিবলৈ আগ্ৰহী হৈ পৰিছিল প্ৰতিনিধিসকল। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই সমাৱেশত চৰকাৰী বিষয়া, অগ্ৰণী প্ৰতিষ্ঠান, নীতি নিৰ্ধাৰক, শিক্ষাখণ্ডৰ অভিজ্ঞ আৰু বিশেষজ্ঞকে ধৰি সমগ্ৰ এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। এনএছডিচিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰীয়ে এছআইডিৰ মেজিক উন্মোচন কৰাৰ লগে লগে হাতচাপৰিৰে গুঞ্জৰিত হৈ পৰিছিল অনুষ্ঠানটো। তেওঁ ভাৰতৰ অৰ্থনৈতিক ইঞ্জিনক আগুৱাই নিয়াত বৰ্তমানৰ পদক্ষেপসমূহৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কিদৰে মাত্ৰ ৬ মাহৰ ভিতৰত চমত্কাৰ সৃষ্টি কৰি ৪০ লাখ পঞ্জীয়ন আৰু ৫৫০তকৈও অধিক বৈচিত্ৰ্যপূৰ্ণ পাঠ্যক্ৰমৰ জৰিয়তে ক্ৰমান্বয়ে বিস্তাৰিত লাইব্ৰেৰী গঢ়ি তুলিছিল, তাৰ ওপৰত আলোকপাত কৰে।

বেদমণি তিৱাৰীয়ে ঘোষণা কৰে যে, “স্কিলিং, ৰিস্কিলিং আৰু আপস্কিলিঙৰ এক ষ্টপ সমাধানত পৰিণত হৈছে স্কিল ইণ্ডিয়া ডিজিটেল। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি কৰ্মৰত পেছাদাৰী ব্যক্তিলৈকে সকলোৱে নিজৰ মোবাইলতে শিক্ষণৰ সুযোগ লাভ কৰিব পাৰে, লগতে ডিজিটেল ইণ্ডিয়াৰ শক্তি-সামৰ্থ্যও প্ৰদৰ্শন কৰিব পাৰে।” তেওঁ ভাৰতৰ আধাৰ আৰু ইউপিআই ব্যৱস্থাক সফল আৰ্হি হিচাপে উল্লেখ কৰি আজিৰ পৃথিৱীখনত জ্ঞান আৰু ডিজিটেল সামৰ্থ্যৰ গুৰুত্বৰ ওপৰত বিশেষ জোৰ দিয়ে।

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে বেদমণি তিৱাৰীৰ মনোভাৱক সমৰ্থন জনাই নিজৰ মনোভাৱ প্ৰকাশ কৰে। তেওঁ ভাৰতৰ দক্ষতাসমূহক নিজৰ উপযোগী হোৱাকৈ ডিজিটেল দক্ষতাৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিছিল। তেওঁ কয় যে, ”যুৱক-যুৱতীসকলক সবলীকৰণৰ ওপৰতো সদায়ে গুৰুত্ব দি আহিছে প্ৰধানমন্ত্ৰীয়ে আৰু এই দক্ষতা আৰু নিয়োগৰ সম্ভাৱনাৰ মাজৰ ব্যৱধান দূৰ কৰাৰ বাবে দক্ষতাই হৈছে মূল চাবিকাঠি।” তেওঁ লগতে কয় যে, ”এনে ক্ষণতে নিজৰ কামেৰে উজলি উঠিছে এছআইডি, যিয়ে দেশৰ প্ৰতিটো কোণলৈ বিস্তৃত, সহজ আৰু দৈনন্দিন নতুন শিক্ষণৰ সুযোগ নিশ্চিত কৰাৰ লক্ষ্য হাতত লৈছে।” সমগ্ৰ বিশ্বতে অনুৰণিত হৈছিল এই প্লেটফৰ্মৰ প্ৰভাৱ। ভূটানৰ কৰ্মশক্তিৰ পৰিকল্পনা আৰু দক্ষতা বিকাশ বিভাগৰ সঞ্চালক নৰবু ৱাংচুকে এছআইডিক এক ব্যাপক দক্ষতা চিষ্টেম হিচাপে প্ৰশংসা কৰিছে। আনহাতে, লাইবেৰিয়াৰ বুকাৰ ৱাশ্বিংটন ইনষ্টিটিউটৰ অধ্যক্ষ এট্টি হেৰিছ এফ টাৰ্নুৱে শিক্ষাখণ্ডত প্ৰযুক্তি-চালিত দৃষ্টিভংগীৰ বাবে নিজৰ মনোভাৱৰ কথা সদৰি কৰে। এই সন্মিলনত একতাৰ ভাৱনাৰ প্ৰতিধ্বনিত হৈছিল। ভাৰতে “বসুধৈৱ কুটুম্বকম”(সমগ্ৰ বিশ্ব এটা পৰিয়াল)ৰ জি-২০ বিষয়বস্তুৰ প্ৰতি প্ৰকৃতাৰ্থত নিজৰ আগ্ৰহ আৰু দক্ষতাৰ ভাগ-বতৰা কৰিছিল। “আমি আন ৰাষ্ট্ৰসমূহক সমৰ্থন জনাবলৈ পাই সুখী,” এইদৰে দৃঢ়তাৰে কয় তিৱাৰীয়ে। তেওঁ আৰু কয় যে, “মোৰ কথোপকথনৰ সময়ত এইটো স্পষ্ট হৈছিল যে সকলোৱে ভাৰতে অৱলম্বন কৰা শ্ৰেষ্ঠ উপায়সমূহ বিনিময় কৰিবলৈ আৰু এছআইডিৰ দৰে অভিযোজন মডেলসমূহ গ্ৰহণ কৰিবলৈও আগ্ৰহী।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *