গুৱাহাটীত ১৪ জুনৰ পৰা ১৮ জুনলৈ অনুষ্ঠিত হ’ব ছিদবি স্বাৱলম্বন মেলা ২০২৪

108

গুৱাহাটীৰ গণেশগুৰিস্থিত নেডফি কনভেনচন চেণ্টাৰত অহা ১৪ জুনৰ পৰা ১৮ জুনলৈ অনুষ্ঠিত হ’ব স্বাৱলম্বন মেলা ২০২৪। ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ(এমএছএমই)ৰ প্ৰচাৰ, বিত্তীয় সাহায্য আৰু উন্নয়নৰ প্ৰধান বিত্তীয় প্ৰতিষ্ঠান স্মল ইণ্ডাষ্ট্ৰীজ ডেভেলপমেণ্ট বেংক(এমএছএমই)-এ এই অনুষ্ঠান আয়োজনৰ কথা ঘোষণা কৰিছে। ব্যৱসায়িক বিকাশ, বিপণন কৌশলৰ প্ৰচাৰ আৰু বহনক্ষম জীৱিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই মেলাত বিনামূলীয়াকৈ দৈনিক পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ প্ৰৱেশ কৰি অংশ গ্ৰহণ কৰিব পাৰিব।

স্বৱাৱলম্বন মেলা হৈছে এনে এক অনুষ্ঠান, য’ত হস্ততাঁত, হস্তশিল্প, সংসাধিত খাদ্য, এফএমচিজি, বেত আৰু বাঁহৰ সামগ্ৰী, মেটেকা বা জলজ সামগ্ৰী আৰু অন্যান্য স্থানীয়ভাৱে প্ৰস্তুত কৰা সামগ্ৰীকে ধৰি বিভিন্ন খণ্ডৰ ক্ষুদ্ৰ উদ্যোগী, শিল্পী, আত্মসহায়ক গোট আৰু মহিলা উদ্যোগীসকলৰ সামগ্ৰী প্ৰদৰ্শন কৰি স্থানীয় উদ্যোগ আৰু অৰ্থনৈতিক বিকাশত সহায় কৰে।

এই মেলাত অন্তৰ্ভুক্ত কৰা হৈছে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ বাৰ্তালাপ, বেংক আৰু আনুষ্ঠানিক ঋণ প্ৰণালীৰ সৈতে সংযোগ স্থাপনত এছআইডিবিআইৰ সমৰ্থন আৰু বহনক্ষম ব্যৱসায়িক পদ্ধতিৰ বাবে প্ৰশিক্ষণ। লগতে জিইএম/অ’এনডিচিৰ দৰে ই-কমাৰ্চ প্লেটফৰ্মৰ ওপৰতো নিৰ্দেশনা প্ৰদান কৰে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক নিজৰ নিজৰ অনন্য সামগ্ৰীসমূহ প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ বাবে এখন জীৱন্ত প্লেটফৰ্ম প্ৰদান কৰা আৰু অৰ্থনৈতিক প্ৰগতি দ্ৰুততৰ কৰা।