মন্ত্ৰী জয়ন্ত চৌধুৰীৰ আইটিআই আৰু এনএছটিআইৰ মিশ্ৰিত শিক্ষণৰ পোষকতা

164

কেন্দ্ৰীয়(স্বতন্ত্ৰ) ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কেন্দ্ৰীয় প্ৰশিক্ষণ সঞ্চালকালয়(ডিজিটি)ৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰি ডিজিটি, ডিজিটিয়ে ৰূপায়ণ কৰা আঁচনিসমূহ আৰু ইয়াৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ কাম-কাজৰ বিষয়ে গভীৰভাৱে অনুঢাৱন কৰিবলৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই), ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান (এনএছটিআই), ৰাষ্ট্ৰীয় নিৰ্দেশনামূলক মিডিয়া প্ৰতিষ্ঠান (নিমি), কেন্দ্ৰীয় কৰ্মচাৰী প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান (চিএছটিআৰআই)ৰ কাম-কাজ আৰু শেহতীয়া পদক্ষেপৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। এই পৰ্যালোচনা বৈঠক সমগ্ৰ দেশৰ দক্ষতা বিকাশৰ পৰিৱেশ তন্ত্ৰৰ উন্নীতকৰণ আৰু পুনৰ উজ্জীৱিতকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
এই ডিজিটি পৰিস্থিতিতন্ত্ৰত উন্নত দক্ষতা প্ৰশিক্ষণ প্ৰদানত গুৰুত্ব প্ৰদানৰ আহ্বান জনায় জয়ন্ত চৌধুৰীয়ে। মন্ত্ৰীগৰাকীয়ে বিশেষ কাৰ্যসূচী আৰু প্ৰমাণপত্ৰ প্ৰৱৰ্তনৰ পৰামৰ্শ দিয়ে, লগতে প্ৰশিক্ষকসকলক উদ্যোগৰ ট্ৰেণ্ড অনুসৰি আপডেট হৈ থাকিবলৈ নিৰন্তৰ পেছাদাৰী অগ্ৰগতিৰ পৰামৰ্শ দান কৰে।


মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে বিগত দশকত ৫০০০ৰো অধিক প্ৰতিষ্ঠান সংযোজন কৰি দক্ষতাসম্পন্ন পৰিৱেশ তন্ত্ৰক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ডিজিটিৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। চৌধুৰীয়ে দেশৰ আইটিআই আৰু এনএছটিআইসমূহত নৱীকৃত মনোনিৱেশৰ প্ৰয়োজনীয়তা আৰু মিশ্ৰিত শিক্ষণৰ পোষকতা কৰিছে। ইয়াৰ লগতে ফ্লেক্সি বুজাবুজি চুক্তিৰ বাবে অংশীদাৰিত্ব আৰু ডুৱেল চিষ্টেম অৱ ট্ৰেইনিঙৰ জৰিয়তে উদ্যোগৰ সহযোগিতা বৃদ্ধি কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে আধুনিকীকৰণ, পাঠ্যক্ৰম উন্নীতকৰণ, পাঠ্যক্ৰমৰ সময়সীমা পৰ্যালোচনা কৰা, বিশেষকৈ উদীয়মান খণ্ডসমূহত বজাৰৰ চাহিদাৰ সৈতে খাপ খুৱাই আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে শেহতীয়া প্ৰশিক্ষণৰ মানদণ্ড আৰু ছাত্ৰ-ছাত্ৰীৰ নিয়োগযোগ্যতা বৃদ্ধিৰ পদক্ষেপৰ বিষয়েও বিশদভাৱে আলোচনা কৰে মন্ত্ৰীজনে।