সংগ্ৰামৰ পৰা সফলতালৈ চানিয়ো হোৰামৰ উত্তৰণৰ যাত্ৰা: উদ্যমিতাৰ শিখৰ চুমাৰ এক উদাহৰণ

মাত্ৰ ৩৩টা ঘৰ থকা নাগালেণ্ডৰ এখন সৰু গাঁৱত ডাঙৰ-দীঘল হোৱা চানিয়ো হোৰাম নামৰ মহিলাগৰাকী আজিৰ তাৰিখত অধ্যৱসায় আৰু সফলতাৰ চাক্ষুস প্ৰমাণ। ভাই-ভনীসকলৰ ভিতৰত জ্যেষ্ঠ চানিয়ো হোৰামে শৈশৱত দৰিদ্ৰতা আৰু সীমিত সুযোগৰ বাবে আশানুৰূপভাৱে আগুৱাব পৰা নাছিল। পৰিয়ালৰ ভৱিষ্যতৰ দিনবোৰ সলনি কৰিবলৈ সংকল্পবদ্ধ হৈ নিজৰ ভাই-ভনীৰ শিক্ষা আৰু সপোন পূৰণ কৰিবলৈ মনত দৃঢ়তাৰে আগবাঢ়িল। ২০০৩ চনত চানিয়ো হোৰামে বেংগালুৰুলৈ যায়, য’ত চানিয়ো হোৰামে আইএটিএ পাঠ্যক্ৰমৰ সৈতে এটা চাকৰিও সন্তুলিতভাৱে চলাই নিয়ে। প্ৰত্যাহ্বান আহিলেও নিষ্ঠাসহকৰে আগুৱাই ভ্ৰমণ উদ্যোগত নিজৰ কৰ্মসংস্থাপন গঢ়িছিল। অৱশ্যে অতি সময়তে চানিয়ো হোৰামে উপলব্ধি কৰিছিল যে বেতনভোগী চাকৰিৰ সীমাবদ্ধতাই চানিয়ো হোৰামৰৰ বিত্তীয় আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ আকাংক্ষাত বাধা দিছিল।


২০১১ চনত চুইডিছ সামগ্ৰিক সুস্থতা ব্ৰেণ্ডৰ সৈতে জীৱন পৰিৱৰ্তনকাৰী বৈঠকে চানিয়ো হোৰামৰ দৃষ্টিভংগী সলনি কৰিছিল। যদিও প্ৰথমতে নিজৰ ভৱিষ্যতক লৈ সন্দিহান আছিল, চানিয়ো হোৰামৱে উদ্যমিতা যাত্ৰা বলিষ্ঠভাৱে গ্ৰহণ কৰিছিল আৰু সময়ৰ লগে লগে অৰিফ্লেমৰ ডায়মণ্ড ডাইৰেক্টৰ ৰূপে অধিষ্ঠিত হৈ সকলো প্ৰাচীৰ নেওচি আগবাঢ়িবলৈ সক্ষম হয়। আজি চানিয়ো হোৰামে উদ্যোগীসকলৰ এক সফল নেটৱৰ্কৰ নেতৃত্ব দিয়ে আৰু এসময়ত অসম্ভৱ বুলি গণ্য কৰা নিজৰ স্বপ্নক বাস্তৱায়িত কৰি নিজৰ পৰিয়ালৰ সৈতে ১৫তকৈও অধিক দেশ ভ্ৰমণ কৰিছে।

চানিয়ো হোৰামৰ যাত্ৰা কেৱল ব্যক্তিগত সফলতা বিষয় নহয়, আনকো নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখিবলৈ অনুপ্ৰাণিত কৰাৰ এক সোপান, জ্বলন্ত উদাহৰণ। অসমতো এনে বহু কাহিনী আছে, যিসকল উচ্চাকাংক্ষী উদ্যোগী আৰু নিজকে আগুৱাই নিব বিচাৰে, তেনে মহিলাসকলৰ প্ৰতিনিধি হৈ এই সাফল্য অনুৰণিত হৈছে, যিসকলে পৰম্পৰাগত কেৰিয়াৰৰ পথৰ পৰা মুক্ত হোৱাৰ পথ বিচাৰি আছে। নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহৰ লগে লগে চানিয়োৰ যাত্ৰাই আশাৰ ৰেঙণি আৰু সফলতাৰ ৰোডমেপ প্ৰদান কৰিলে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *