ভাৰতৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(টাটা এআইএ)-এ টাটা এআইএ শুভ ফেমিলী প্ৰটেক্ট—এক যুগান্তকাৰী টাৰ্ম প্লেন মুকলি কৰিছে যিয়ে তাৎক্ষণিক এককালীন ধন পৰিশোধ আৰু ৩০ বছৰলৈকে নমনীয় মাহিলী আয় দুয়োটা প্ৰদান কৰে। এই প্লেন ব্যাপক আৰ্থিক সুৰক্ষা প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে, যিয়ে পৰিয়ালসমূহক হ্ৰস্বম্যাদী জৰুৰীকালীন আৰু দীৰ্ঘম্যাদী প্ৰয়োজনীয়তা দুয়োটাই পৰিচালনা বা সুবিধা আদায় কৰাত সহায় কৰিব।
টাটা এআইএ লাইফ ইন্সুৰেঞ্চৰ স্বত্বাধিকাৰী ব্যৱসায় আৰু সহযোগী চেনেলৰ মুখ্য বিতৰণ বিষয়া অমিত ডেভে এই বিষয়ে সদৰি কৰি কয় যে, “টাটা এআইএত আমি কেৱল বিত্তীয় সুৰক্ষাতকৈ অধিক প্ৰদান কৰাত বিশ্বাস কৰোঁ-আমি জীৱনৰ প্ৰতিটো পৰ্যায়তে পৰিয়ালসমূহক সমৰ্থন কৰাটো নিশ্চিত কৰাত বিশ্বাস কৰোঁ। শুভ ফেমিলী প্ৰটেক্ট হৈছে যোগ্য নমনীয়তাৰে পৰিয়ালসমূহৰ প্ৰয়োজনীয় আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ আমাৰ উপায়। ০% জিএছটি-এ ইয়াক আৰু অধিক সুলভ কৰি তোলে, যিয়ে সামগ্ৰীটোক অতিৰিক্ত খৰচৰ বোজা অবিহনে নিজৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচৰাসকলৰ বাবে এক শক্তিশালী সঁজুলি হিচাপে গঢ়ি তোলে।”
বাস্তৱ-জীৱনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ডিজাইন কৰা এক বিকল্প
আপোনজনক হঠাতে হেৰুৱালে আৱেগিকভাৱে যথেষ্ট ভাঙি পৰে আৰু ইয়াৰ পিছত হোৱা আৰ্থিক বোজাও সমানেই ক্ষতিগ্ৰস্ত বা প্ৰভাৱিত অনুভৱ কৰিব পাৰে। প্ৰায়ে পৰিয়ালবোৰত বৃহৎ পৰিমাণৰ এককালীন পৰিশোধ কৰিবলগীয়া থাকে, যি সহায়ক হ’লেও পৰিচালনা কৰাটো কঠিন হৈ পৰিব পাৰে-বিশেষকৈ এনে সময়ত যেতিয়া স্পষ্টতা আৰু স্থিৰতাৰ আটাইতকৈ বেছি প্ৰয়োজন।

এই বীমাই একাধিক মনোনীত ব্যক্তিক সামৰি লয়, টাৰ্মিনেল ৰোগৰ সুৰক্ষা প্ৰদান কৰে, আৰু নিৰ্দিষ্ট বা বৰ্ধিত মাহিলী আয়কে ধৰি নমনীয় পেআউট বিকল্প প্ৰদান কৰে। ই পৰিয়ালসমূহক আৰ্থিক স্থিতিশীলতা বজাই ৰখাত সহায় কৰিবলৈ এক স্থিৰ দীৰ্ঘম্যাদী আয় প্ৰদান কৰাৰ লগতে এককালীন ধন পৰিশোধৰ জৰিয়তে তাৎক্ষণিক সকাহ নিশ্চিত কৰে।
গুৱাহাটীকে ধৰি অসমৰ স্থানীয় বীমা বিতৰক আৰু বিত্তীয় উপদেষ্টাসকলে শুভ ফেমিলী প্ৰটেক্টৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ কথা সদৰি কৰিছে। পৰিয়ালসমূহে এনে পৰিকল্পনা বিচাৰিছে যিয়ে তাৎক্ষণিক আৰ্থিক সকাহৰ সৈতে দীৰ্ঘম্যাদী স্থিতিশীলতাৰ সংমিশ্ৰণ ঘটায়, যিয়ে উত্তৰ-পূৰ্বাঞ্চলত অভিনৱ জীৱন বীমা সমাধানৰ প্ৰতি বৃদ্ধি পোৱা সজাগতাক প্ৰতিফলিত কৰে।