SCERT কেলেংকাৰীত জড়িত থকাৰ অভিযোগত চমন জাৰি কৰাৰ পিছতে বিদ্যুৎ কলিতাক দলৰ পৰা নিলম্বন আপৰ

আম আদমী পাৰ্টিৰ নেতা বিদ্যুৎ কলিতাক বৃহস্পতিবাৰে ১০৫ কোটি টকাৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (SCERT) কেলেংকাৰীত জড়িত থকাৰ অভিযোগত চমন জাৰি কৰাৰ পিছতে দলৰ পৰা নিলম্বন কৰা হয়।

এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত কলিতাক সাময়িকভাৱে এই পদৰ পৰা নিলম্বন কৰা হৈছে।

উল্লেখযোগ্য যে এই কেলেংকাৰিৰ সৈতে জড়িত মিৰ্জাৰ বাসিন্দা বিদ্যুৎ কলিতাক মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স চেলে চমন জাৰি কৰিছিল। অৱশ্যে তেওঁৰ ওচৰলৈ চমন জাননী প্ৰেৰণ কৰাৰ পিছৰে পৰা গ্ৰেপ্তাৰৰ আশংকাত পলায়ন কৰা বুলি জানিব পৰা গৈছে।

পিছত এখন পত্ৰ ওলাইছিল য’ত তেওঁ মুখ্যমন্ত্ৰী ভিজিলেন্সলৈ লিখিছিল যে তেওঁৰ বাসগৃহলৈ চমন জাননী প্ৰেৰণ কৰাৰ সময়ত তেওঁ চহৰৰ বাহিৰত আছিল বুলি উল্লেখ কৰি দুদিনীয়া সময় বৃদ্ধিৰ অনুৰোধ জনাইছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *