এছবিআই জেনেৰেল ইঞ্চুৰেন্সে ডিজেষ্টাৰ ৰিস্ক ট্ৰেন্সফাৰ পেৰামেট্ৰিক ইঞ্চুৰেন্স ছল্যুচন(ডিআৰটিপিআইএছ)ৰ অধীনত নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক ১.০৬ কোটি টকা প্ৰদান কৰিছে। এয়া এই ধৰণৰ প্ৰথম দাবী নিষ্পত্তি(ক্লেইম চেটলমেণ্ট), যাৰ লক্ষ্য হৈছে ব্যক্তিগত দাবী প্ৰক্ৰিয়াকৰণ(ক্লেইম প্ৰছেচিং)ৰ প্ৰয়োজন নোহোৱাকৈ বতৰৰ পৰিমাপৰ ওপৰত ভিত্তি কৰি দ্ৰুত আৰ্থিক সকাহ প্ৰদান কৰা।
এই ব্যৱস্থাপনাৰ অধীনত বিপদাশংকা নীতিৰ সময়ছোৱাৰ অধীনত প্ৰথম পৰ্যায়(বাৰিষা ঋতু)ৰ অতিৰিক্ত বৃষ্টিপাতো সামৰি লোৱা হয়, যাৰ ফলত দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোক-সম্প্ৰদায়সমূহক দ্ৰুত বিত্তীয় সহায় নিশ্চিত কৰা হয়। ২০২৪ৰ আগষ্ট মাহত এছবিআই জেনেৰেল ইঞ্চুৰেন্স আৰু এনএছডিএমএ-ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হয়, য’ত মুখ্য পুনৰ বীমাকৰ্তা(ৰিইনঞ্চুৰাৰ) জিআইচি ৰে, মিউনিখ ৰে, হেন্নোভাৰ ৰে আৰু এছচিঅ’আৰৰ সৈতে ৩ বছৰীয়া সহযোগিতা গঢ়ি তোলা হৈছে।
এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ এমডি তথা মুখ্য কাৰ্যবাহী বিষয়া নবীন চন্দ্ৰ ঝাই কয় যে, “আমি দুৰ্যোগৰ স্থিতিস্থাপকতা আৰু দ্ৰুত দাবী নিষ্পত্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই পেৰামেট্ৰিক বীমা মডেলে পলম নকৰাকৈ প্ৰভাৱিত ক্ষেত্ৰ বা অঞ্চলবোৰত বিত্তীয় সাহায্য প্ৰাপ্ত কৰাটো নিশ্চিত কৰে, প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে পুনৰুদ্ধাৰ-সংস্থাপন প্ৰচেষ্টা শক্তিশালী কৰে।” আনুষ্ঠানিকভাৱে চেক হস্তান্তৰ কাৰ্যসূচীত বিধায়ক আৰু এনএছডিএমএ আৰু এনআৰইৰ উপদেষ্টা জেড নিউচিথোনিউথে আৰু এনএছডিএমএ আৰু এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ অন্যান্য জ্যেষ্ঠ প্ৰতিনিধিসকল উপস্থিত আছিল।