ছেমছাঙৰ ‘ছলভ ফৰ টুমৰু’: বহনক্ষম ভৱিষ্যৎ গঢ়ি তুলিবলৈ যুৱ উদ্ভাৱকসকলক কৰি তুলিছে সবল

137

চেমচাঙৰ ‘ছলভ ফৰ টুমৰু’ কেৱল এখন প্ৰতিযোগিতা নহয়; এই প্ৰয়াস হৈছে পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱকৰ বাবে বিশ্বব্যাপী জৰুৰী সমস্যাসমূহৰ সমাধানৰ বাবে এক অনুঘটক। বহনক্ষম ভৱিষ্যতৰ বাবে উদ্ভাৱনক ব্যৱহাৰ কৰাৰ লক্ষ্যৰে চেমচাঙে ব্যৱহাৰিক সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত নেতৃত্ব ল’বলৈ উঠি অহা প্ৰজন্ম আৰু যুৱ মনক আমন্ত্ৰণ জনাইছে। এই প্লেটফৰ্মে দুটা সুকীয়া ট্ৰেক আগবঢ়ায় – স্কুল ট্ৰেক আৰু ইউথ ট্ৰেক, প্ৰত্যেকটোৱে নিৰ্দিষ্ট বিষয়বস্তুৰ বাবে উৎসৰ্গিত আৰু বিভিন্ন বয়সৰ গোটক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে। যাৰ ফলত সকলো অংশগ্ৰহণকাৰীৰ বাবে সমান সুযোগ নিশ্চিত হয় আৰু নিজৰ পটভূমি বা অভিজ্ঞতা সৃষ্টি কৰে।

অংশগ্ৰহণকাৰীসকলক বৃহৎ স্বপ্ন দেখিবলৈ আৰু সীমাৰ পৰিধি নেওচি চিন্তা কৰিবলৈ উৎসাহিত কৰা হয়, যাতে পৰিৱেশৰ বহনক্ষমতাৰ পৰা সামাজিক সমতালৈকে বিভিন্ন সমস্যাবোৰৰ মোকাবিলা কৰি পৰা যায়। ছেমিকাণ্ডাক্টৰ সঁজুলিৰ সৈতে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাৰ পৰা এআইৰ জৰিয়তে লিংগ পক্ষপাতিত্বৰ বিৰুদ্ধে যুঁজ দিয়ালৈকে এই ক্ষেত্ৰখনত সম্ভাৱনা সীমাহীন। এই প্ৰতিযোগিতাত অংশগ্ৰহণ এটা সৰল পঞ্জীয়নৰ সৈতে আৰম্ভণি হয়, য’ত অংশগ্ৰহণকাৰীসকলে নিজৰ আবেগ আৰু সৃজনশীলতা সমুখলৈ আনি প্ৰদৰ্শন কৰে। নিজৰ পৃথক ধাৰণা, গৱেষণা আৰু ৰূপায়ণৰ পৰ্যায়ৰ মাজেদি ধাৰণাবোৰক বাস্তৱ-পৃথিৱীৰ প্ৰভাৱ সৃষ্টি কৰি মূৰ্ত সমাধান কৰিবলৈ উদগণি যোগোৱা হয়।

১০০টা দলে আঞ্চলিক ৰাউণ্ডত বিচাৰকৰ আগত নিজৰ ধাৰণা প্ৰদৰ্শন কৰিব, ২০টা ছেমি ফাইনেলিষ্ট দলে চেমচাঙৰ আৰএণ্ডডি কেন্দ্ৰ আৰু আঞ্চলিক মুখ্য কাৰ্যালয়ত উদ্ভাৱনৰ খোজলৈ এখোজ আগুৱাব য’ত সকলোৱে এক কৰ্মশালাত অংশগ্ৰহণ কৰে। আইআইটি দিল্লীত অনুষ্ঠিত হোৱা নেচনেল পিচ ইভেণ্টত এজন এজনকৈ প্ৰশিক্ষণ লোৱা ১০ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ মাজত শীৰ্ষস্থানৰ বাবে প্ৰতিদ্বন্দ্বিতা হ’ব। গ্ৰেণ্ড ফিনালেত ছলভ ফৰ টুমৰু ২০২৪ৰ ‘কমিউনিটি চেম্পিয়ন’ আৰু ‘এনভাৰোনমেণ্ট চেম্পিয়ন’সকলে নিৰ্দিষ্ট স্কুল আৰু কলেজখনৰ বাবে চেমচাং গেলেক্সিৰ তৰফৰ পৰা বহুমূলীয়া সামগ্ৰী লাভ কৰিব। কিন্তু জয়ী হোৱাটোৱেই শেষ কথা নহয়, এয়া মাত্ৰ আৰম্ভণিহে। চেমচাঙৰ বৰ্তমানৰ সমৰ্থনৰ বলত বিজয়ী ধাৰণাসমূহ গ্ৰাহকৰ বাবে স্থায়ী সুবিধা-সমৰ্থনৰ জৰিয়তে বহনক্ষম প্ৰকল্পলৈ বিকশিত হ’ব। তদুপৰি সমাধানসমূহৰ বৌদ্ধিক সম্পদ টীমসমূহৰ হাতত থাকে যাতে প্ৰতিযোগিতাৰ উৰ্ধ্বলৈ গৈ উদ্ভাৱন আৰু সহযোগিতাৰ সংস্কৃতিক লালন-পালন কৰিব পাৰে।