চেমচাঙে মুকলি কৰিলে ‘ছলভ ফৰ টুমৰু’ৰ ছিজন ৩

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে ফাউণ্ডেচন ফৰ ইন’ভেচন এণ্ড টেকন’লজী ট্ৰেন্সফাৰ (এফআইটিটি), আইআইটি দিল্লী, ৰাষ্ট্ৰসংঘ আৰু তথ্যপ্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ মন্ত্ৰালয়ৰ সৈতে কৌশলগত সহযোগিতাৰে নিজৰ ধ্বজাবাহী চিএছআৰ পদক্ষেপ – ‘ছলভ ফৰ টুমৰু’ৰ তৃতীয় সংস্কৰণৰ কথা ঘোষণা কৰিছে। ছলভ ফৰ টুম’ৰ’ৰ জৰিয়তে চেমচাঙে দেশৰ যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱনী চিন্তা আৰু সমস্যা সমাধানৰ সংস্কৃতিৰ সূচনা কৰাৰ লক্ষ্য বান্ধি লৈছে।

২০২৪ৰ ছলভ ফৰ টুমৰু পদক্ষেপৰ শুভাৰম্ভণি কৰে চেমচাঙৰ দক্ষিণ-পশ্চিম এছিয়াৰ অধ্য়ক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া জে বি পাৰ্কে, এই অনুষ্ঠানত উপস্থিত আছিল ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সঞ্চালক আৰু বিজ্ঞানী ‘জি’ ড০ সন্দীপ চেটাৰ্জী আৰু ৰাষ্ট্ৰসংঘৰ ভাৰতস্থিত আৱাসিক সমন্বয়ক ছম্বি চাৰ্পেকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি। এই বিষয়ে চেমচাং দক্ষিণ-পশ্চিম এছিয়াৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জে বি পাৰ্কে কয় যে, “চলভ ফৰ টুমৰুৱে ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে প্ৰকৃতাৰ্থত এখন মঞ্চ হিচাপে গঢ় লৈ উঠিছে যাতে মানুহৰ জীৱন উন্নত কৰিব পৰা অৰ্থপূৰ্ণ উদ্ভাৱনৰ সূচনা কৰিব পৰা যায়।”

চেমচাঙৰ ‘ছলভ ফৰ টুম’ৰ’এই কাৰ্যসূচীত দুটা শাখা আছে: ‘সম্প্ৰদায় আৰু উদ্ভাৱন’ৰ ওপৰত গুৰুত্ব আৰোপ কৰা স্কুল ট্ৰেক আৰু ‘পৰিৱেশ আৰু বহনক্ষমতা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইউথ ট্ৰেক। দুয়োটা ট্ৰেক একেলগে কাম-সেৱা অব্যাহত ৰাখিব আৰু সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সমান সুযোগ আৰু সমতাপূৰ্ণ পৰিৱেশ নিশ্চিত কৰাৰ লগতে সকলোৰে বাবে সমান সুযোগ নিশ্চিত কৰিব। ইউথ ট্ৰেকৰ বিজয়ী দলটোৱে ইনকিউবেচনৰ বাবে ৫০ লাখ টকাৰ অনুদান লাভ কৰাৰ বিপৰীতে স্কুল ট্ৰেকৰ বিজয়ী দলটোৱে প্ৰ’ট’টাইপৰ উন্নতিৰ বাবে ২৫ লাখ টকাৰ আৰ্থিক অনুদান লাভ কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *