চেমচাঙে মুকলি কৰিলে গেলেক্সি ৱাশ্ব এফ ই : ষ্টাইলিছ ডিজাইনেৰে উন্নীত স্বাস্থ্য নিৰীক্ষণ

147

চেমচাং ইলেক্ট্ৰনিক্সে মুকলি কৰিলে স্মাৰ্টৱাশ্ব ক্ষেত্ৰখনৰ শেহতীয়া সংযোজন গেলাক্সি ৱাশ্ব এফ ই, উন্নত স্বাস্থ্য নিৰীক্ষণ প্ৰযুক্তি সম্প্ৰসাৰিত দৰ্শকৰ মাজলৈ লৈ আহিছে চেমচাঙে। নতুন ডিভাইচটোৱে গেলেক্সি ৱাশ্ব ছিৰিজৰ শক্তিশালী হাৰ্ডৱেৰ পাৰফৰ্মেন্স আৰু অত্যাধুনিক স্বাস্থ্য সুবিধাসমূহক একত্ৰিত কৰিছে, সমান্তৰালভাৱে অত্যাধুনিক প্ৰযুক্তিৰে ষ্টাইলিছ ডিজাইন প্ৰদৰ্শন কৰিছে। “চেমচাঙে যিমান পাৰি সিমান লোকক বিস্তৃত স্বাস্থ্য আৰু ফিটনেছ নিৰীক্ষণ প্ৰদানৰ লক্ষ্য ৰাখিছো, যাতে গ্ৰাহকসকলে নিজৰ সুস্থতা ৰুটিনত দৃষ্টান্তমূলক ইতিবাচক পৰিৱৰ্তন আনিব পাৰে,” চেমচাং ইলেক্ট্ৰনিক্সৰ মোবাইল এক্সপিৰিয়েন্স বিজনেছৰ ভিপি তথা গেলেক্সি ইক’চিষ্টেম প্ৰডাক্ট প্লেনিং টীমৰ মুৰব্বী জুনহো পাৰ্কে এইদৰে উল্লেখ কৰে।

৪০ এম এম আকাৰত উপলব্ধ গেলেক্সি ৱাশ্ব এফইয়ে ৩টা ৰঙৰ বিকল্পৰ সৈতে সতেজ নান্দনিকতা প্ৰদান কৰে: ব্লেক, পিংক গল্ড আৰু ছিলভাৰ। ইয়াৰ লগতে ইয়াত নীলা আৰু কমলা ৰঙৰ পৰশেৰে নতুন ঘড়ী আৰু কাষ্টমাইজেবল ঘড়ীৰ ৰূপ প্ৰদান কৰা হৈছে। ঘড়ীটোৰ চেফায়াৰ ক্রিষ্টেল গ্লাছে দৈনিক পৰিধান কৰিবলৈ আৰু ছিঙি নোযোৱাকৈ পৰিধানৰ বাবে অধিক বহনক্ষমতা নিশ্চিত কৰে৷ চেমচাঙৰ বায়’এক্টিভ চেন্সৰৰ সৈতে সজ্জিত গেলাক্সি ৱাশ্ব এফ ইয়ে ২৪ ঘণ্টাই ফিটনেছ আৰু সুস্থতা নিৰীক্ষণ প্ৰদান কৰে। ইয়াৰ লগতে উন্নত বৈশিষ্ট্যসমূহৰ ভিতৰত আছে টোপনিৰ আৰ্হি অনুসৰণ(শ্লীপ পেটাৰ্ন ট্ৰেকিং), হৃদস্পন্দন নটিফিকেচন আৰু অনিয়মিত হৃদস্পন্দন নটিফিকেচন ইত্যাদি। ইয়াৰ উপৰিও ৰক্তচাপ আৰু ইচিজি নিৰীক্ষণ আৰু ১০০ৰো অধিক ৱৰ্কআউট বিবিধতাক সমৰ্থন কৰে, দৌৰবিদসকলৰ বাবে ব্যক্তিগতকৃত অন্তৰ্দৃষ্টি আৰু নিৰ্দেশনাও প্ৰদান কৰে।

গেলেক্সি ৱাশ্ব এফই চেমচাং গেলেক্সি পৰিস্থিতিতন্ত্ৰৰ সৈতে একত্ৰিত হৈ পৰে, যাৰ ফলত ফাইণ্ড মাই ফোন আৰু কেমেৰা কণ্ট্ৰলাৰৰ দৰে সুবিধাসমূহ সক্ষম হৈ পৰে আৰু ডিজিটেল পৰিশোধ আৰু আইডি ষ্টোৰেজৰ বাবে চেমচাং ৱালেট সমৰ্থন কৰে।