চেমচাঙে গেলেক্সি বাডছত আগবঢ়াইছে গেলেক্সি এআই বৈশিষ্ট্য, যাক সম্পূৰ্ণ নতুন গেলেক্সি এছ২৪ ছিৰিজৰ সৈতে নিৰৱচ্ছিন্নভাৱে কৰা হৈছে সংযুক্ত

চেমচাঙে গেলেক্সি বাডছ লাইনআপৰ বাবে যুগান্তকাৰী পদক্ষেপৰ কথা ঘোষণা কৰিছে, য’ত আগবঢ়োৱা হৈছে গেলেক্সি এআইৰ সুবিধাসমূহ। অভাৰ-দ্য-এয়াৰ (অ’টিএ) ব্যৱস্থাই লৈ আহিছে গেলেক্সি বাডছ২ প্ৰ’, গেলেক্সি বাডছ২ আৰু গেলেক্সি বাডছ এফইৰ উন্নীত সামৰ্থ্য, যিয়ে গ্ৰাহক আৰু ব্যৱহাৰকাৰীৰ অভিজ্ঞতাক নতুন শিখৰলৈ লৈ যাব। ‘মেড ইন ইণ্ডিয়া’ গেলেক্সি এছ ২৪ শৃংখলাৰ ব্যৱহাৰকাৰীসকলে এতিয়া গেলেক্সি এআই সুবিধাৰ শক্তি সহজে অবিৰতভাৱে লাভ কৰিব পাৰে। ষ্টেণ্ডআউট সুবিধাবোৰৰ ভিতৰত আছে লাইভ ট্ৰান্সলেট, যি গেলেক্সি বাডছৰ জৰিয়তে কনভাৰ্চ কৰাৰ সময়ত গেলেক্সি এছ২৪ ছিৰিজৰ স্ক্ৰীণত প্ৰদৰ্শিত ৰিয়েল-টাইম কল অনুবাদ কৰাৰৰ সুবিধা প্ৰদান কৰে। তদুপৰি এআই-চালিত দোভাষী এজনৰ একত্ৰিকৰণে গেলেক্সি বাডছ ইণ্টাৰফেচৰ জৰিয়তে পোনপটীয়াকৈ মসৃণ দ্বিমুখী, মুখামুখি ব্যাখ্যা প্ৰদানতো সহায় কৰে।

এই উদ্ভাৱনী বৈশিষ্ট্যসমূহৰ সংলগ্নকৰণে আগশাৰীৰ গেলেক্সি বাডছ২ প্ৰ’ই আগবঢ়োৱা ব্যতিক্ৰমী অভিজ্ঞতাক আৰু অধিক সমৃদ্ধ কৰি তুলিলে। ২৪-বিট হাই-ফাই ছাউণ্ড কোৱালিটী, উন্নত 360 ৩৬০ ইমাৰ্চিভ অডিঅ’ আৰু বুদ্ধিদীপ্ত অডিঅ’ শব্দ বাতিল বা কেনচেলেচন(এএনচি) কৰি প্ৰিমিয়াম বাডসমূহে আগবঢ়োৱা অডিঅ’ উৎকৃষ্টতাক ন ৰূপত সংজ্ঞায়িত কৰিব পাৰে। ইফালে, গেলেক্সি বাডছ এফ ইয়ে ব্যৱহাৰকাৰীৰ বাবে চেমচাঙৰ জনপ্ৰিয় শব্দ অভিজ্ঞতা লৈ আহিছে, য’ত আছে শক্তিশালী বেছ আৰু উন্নত সক্ৰিয় শব্দ বাতিল (এএনচি) ক্ষমতাসম্পন্ন প্ৰযুক্তি। শেহতীয়া গেলেক্সি বাডছ আৰু গেলেক্সি এছ ২৪ ছিৰিজৰ ওপৰত দৃষ্টি ৰখা গ্ৰাহকসকললৈ চেমচাঙে আকৰ্ষণীয় অফাৰ আগবঢ়াইছে। গেলেক্সি এছ ২৪ আল্ট্ৰা আৰু গেলেক্সি এছ ২৪+ ক্ৰেতাই ১২,০০০ টকালৈকে সুবিধা লাভ কৰিব পাৰে, আনহাতে গেলেক্সি এছ ২৪ ক্ৰেতাসকলে ১০,০০০ টকাৰ সুবিধা লাভ কৰিব পাৰে।

ইয়াৰ উপৰিও গ্ৰাহকে যিকোনো এছ২৪ ছিৰিজৰ স্মাৰ্টফোন ক্ৰয় কৰিলে ২৪ মাহলৈকে ন’ কষ্ট ইএমআই প্লেনৰ সুবিধাও ল’ব পাৰে। গেলেক্সি বাডছ লাইনআপ আকৰ্ষণীয় অফাৰৰ সৈতে আগবঢ়োৱা হ’ব। গেলেক্সি বাডচ২ প্ৰ’, গেলেক্সি বাডচ২ আৰু গেলেক্সি বাডচ এফইৰ ক্ৰেতাসকলে সীমিত সময়ৰ কেছবেক বা ৬,০০০ টকালৈকে উন্নীত বিকল্প প্ৰাপ্ত কৰিব পাৰে, যাৰ ফলত উৎকৃষ্ট অডিঅ’ প্ৰযুক্তিৰ জগতখনত ডুব দিয়াটো বা নিজকে বিলীন কৰাটো সঠিক আৰু সহজ হৈ পৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *