চেমচাং ইণ্ডিয়াই ‘ছলভ ফৰ টুমৰু ২০২৪’ ৰ বিজয়ী ঘোষণা কৰিছে

চেমচাং ইণ্ডিয়াই নিজৰ ধ্বজাবাহী ৰাষ্ট্ৰীয় শিক্ষা আৰু উদ্ভাৱন প্ৰতিযোগিতা ‘ছলভ ফৰ টুমৰু ২০২৪’ প্ৰতিযোগিতাত বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। গোলাঘাটৰ দল ইক’ টেক ইন’ভেটৰে খোৱাপানীৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ সমাধান প্ৰদান কৰি স্কুল ট্ৰেকত কমিউনিটী চেম্পিয়ন বঁটা দখল কৰে, বিজয়ী হোৱাৰ সুবাদত দলটোৱে লাভ কৰিলে ২৫ লাখ টকাৰ অনুদান। ইফালে, কৰ্ণাটকৰ উড়ুপিৰ টীম মেটেলে যুৱ ট্ৰেকত পৰিৱেশ চেম্পিয়নৰ খিতাপ দখল কৰে, ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আঁতৰ কৰাৰ প্ৰযুক্তি বিকাশৰ বাবে এই সন্মানেৰে বিভূষিত হয় টীম মেটেল, বিজয়ী দলটোক আইআইটি-দিল্লীত ইনকিউবেচনৰ বাবে ৫০ লাখ টকাৰ ধনৰাশি প্ৰদান কৰা হয়।

প্ৰতিযোগিতাখনত জয়লাভ কৰা দুয়োটা ট্ৰেকৰ দুয়োটা দলক সদিচ্ছা বঁটাও প্ৰদান কৰা হয়, লগতে দুয়োটা দলেই ১ লাখকৈ টকা লাভ কৰে। ছচিয়েল মিডিয়া চেম্পিয়ন বঁটা অন্যান্য দুটা দলে লাভ কৰে, দুয়োটা দলেই অনলাইনত এনগেজমেণ্ট বৃদ্ধিৰ বাবে কৰা প্ৰয়াসৰ বাবে ৫০ হাজাৰ টকাকৈ লাভ কৰে।

ফাইনেলত উপনীত হোৱা চূড়ান্ত প্ৰতিযোগী ১০টা দলকেই সমাজ আৰু পৰিৱেশৰ বিষয়সমূহৰ ওপৰত নিজৰ নিজৰ উদ্ভাৱনীমূলক প্ৰস্তাৱৰ বাবে ১ লাখ টকাকৈ আৰু প্ৰমাণপত্ৰ লাভ কৰে। অংশগ্ৰহণকাৰীসকলে ‘সম্প্ৰদায় আৰু অন্তৰ্ভুক্তি’ আৰু ‘পৰিৱেশ আৰু বহনক্ষমতা’ বিষয়বস্তুৰ অধীনত নিজৰ ধাৰণাসমূহ উপস্থাপন কৰিছিল, যিসমূহে উদ্ভাৱনী প্ৰযুক্তিৰ জৰিয়তে বাস্তৱ জগতৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সমগ্ৰ ভাৰতৰ যুৱক-যুৱতীসকলৰ মানসিকতাক সৱলীকৰণৰ বাবে এই প্ৰতিযোগিতাৰ সমৰ্পণক আলোকপাত কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *