চেমচাঙে উন্মোচন কৰিলে গেলেক্সি এফ১৫ ৫জি

চেমচাঙে অৱশেষত উন্মোচন কৰিছে গেলেক্সি এফ১৫ ৫জি মোবাইল ফোন। এই ফোনটোত ছেগমেণ্টৰ ভিতৰতে শ্ৰেষ্ঠ ৬০০০এমএএইছ বেটাৰী, কেৱল এই ছেগমেণ্টৰ বাবে এমল্ড ডিছপ্লে, ফৰ জেনেৰেচন(চতুৰ্থ প্ৰজন্ম)ৰ এণ্ড্ৰইড আপডেট, ৫ বছৰৰ চিকিউৰিটী আপডেট আৰু ৬০০০এমএএইছ বেটাৰী প্ৰদান কৰা হৈছে। এই নতুন ডিভাইচটো এতিয়া এছ ব্লেক, গ্ৰুভি ভায়োলেট, আৰু জেজী গ্ৰীণ ৰঙত উপলব্ধ। ইয়াত ২৫ডব্লিউ ছুপাৰ-ফাষ্ট চাৰ্জিং বৈশিষ্ট্য প্ৰদান কৰা হৈছে। ডিভাইচটোক শক্তি প্ৰদান কৰিব মিডিয়া টেক ডাইমেনচিটী ৬১০০+ চিপছেটে। আনহাতে ৰেম প্লাছ বৈশিষ্ট্যই ১২ জিবিলৈকে অতিৰিক্ত ভাৰ্চুৱেল ৰেম প্ৰদান কৰিছে।


এই ডিভাইচটোত ভিডিঅ’ ডিজিটেল ইমেজ ষ্টেবিলাইজেচন(ভিডিআইএছ)ৰ সৈতে ৫০এমপি ট্ৰিপল কেমেৰা ছেটআপ আৰু স্পষ্ট চেলফিৰ বাবে ১৩এমপি ফ্ৰণ্ট কেমেৰা প্ৰদান কৰিছে। গেলেক্সি এফ১৫ ৫জিত চফট্ৱেৰ আৰু হাৰ্ডৱেৰৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ প্ৰটেকচনৰ বাবে ভইচ ফ’কাছ, কুইক শ্বেয়াৰ, স্মাৰ্ট হটস্পট আৰু নক্স ভল্ট চিপছেটৰ দৰে উদ্ভাৱনীমূলক বিকল্পসমূহ উপলব্ধ কৰোৱা হৈছে।

১১ মাৰ্চৰ পৰা ফ্লিপকাৰ্ট, চেমচাং.কম আৰু নিৰ্বাচিত ৰিটেইলাৰ বিপণীত উপলব্ধ হ’ব গেলেক্সি এফ১৫ ৫জি। ৪ মাৰ্চৰ পৰা গেলেক্সি এফ১৫ ৫জিৰ আগতীয়া বিক্ৰী হ’ব ফ্লিপকাৰ্টত। ৪জিবি+১২৮জিবি ভেৰিয়েণ্টৰ নেট ইফেক্টিভ মূল্য হৈছে ১১,৯৯৯ টকা, আনহাতে ৬জিবি+১২৮জিবি ভেৰিয়েণ্টৰ মূল্য হ’ব ১৩,৪৯৯ টকা।এই বিষয়ে চেমচাং ইণ্ডিয়াৰ এমএক্স বিজনেছৰ উপাধ্যক্ষ আদিত্য বাব্বৰে কয় যে, “গেলেক্সি এফ১৫ ৫জিৰ মুকলিয়ে অৰ্থপূৰ্ণ উদ্ভাৱনৰ প্ৰতি আমাৰ অটল সমৰ্পণকে সূচাইছে, যাতে গ্ৰাহকসকলে বৰ্ধিত সকলো প্ৰয়োজনীয়তা একেলগে উপভোগ কৰিব পাৰে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *