চেমচাং গেলেক্সি এআইয়ে গেলেক্সি এছ ২৪ আল্ট্ৰা, গেলেক্সি এছ ২৪+ আৰু গেলেক্সি এছ ২৪ৰ সৈতে আইকনিক এছ ছিৰিজত আনিছে বৈপ্লৱিক পৰিৱৰ্তন

চেমচাং ইলেক্ট্ৰনিকছে মুকলি কৰিলে গেলেক্সি এছ২৪ আল্ট্ৰা, গেলেক্সি এছ২৪+ আৰু গেলেক্সি এছ২৪, এই শুভাৰম্ভণিৰ লগে লগে গ্ৰাহকসকলে গেলেক্সি এআইৰ সৈতে নতুন মোবাইলৰ অভিজ্ঞতা লাভ কৰিব। গেলেক্সি এছ ছিৰিজে এটা নতুন যুগলৈ আগবঢ়াই লৈ গৈছে, যিয়ে মোবাইল ডিভাইচবোৰে গ্ৰাহকক শক্তিশালী কৰি তাক চিৰদিনৰ বাবে সলনি কৰি তুলিব।

এআইয়ে গেলেক্সি এছ২৪ শৃংখলাৰ প্ৰায় প্ৰতিটো অভিজ্ঞতাকে প্ৰসাৰিত কৰিছে, যিয়ে বুদ্ধিমান টেক্সট আৰু ফোনকল অনুবাদৰ সৈতে বাধা-মুক্ত যোগাযোগ সক্ষম কৰি তোলাৰ লগতে গেলেক্সিৰ প্ৰ’ভিজুৱেল ইঞ্জিনৰ সৈতে সৃষ্টিশীল স্বতন্ত্ৰতাক সৰ্বোচ্চ কৰি তুলিব। ইয়াৰ লগতে চাৰ্চ বা অনুসন্ধানৰ বাবে এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰি গেলেক্সি ব্যৱহাৰকাৰীসকলক চাৰিওফালৰ পৃথিৱীখন অন্বেষণ কৰাৰ বাবে নতুন ৰূপত সজাই তুলিছে। কোম্পানীটোৰ অধ্যক্ষ আৰু মোবাইল ইএক্সপেৰিয়েন্স বিভাগৰ মুৰব্বী টি এম ৰোহে গ্ৰাহকসকলৰ দৈনন্দিন জীৱন উন্নত কৰাৰ লগতে নতুন সম্ভাৱনা মুকলি কৰাৰ বাবে গেলেক্সি এআইৰ সম্ভাৱনাৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰিছে।

এই বিষয়ে চেমচাং ইলেক্ট্ৰনিকছৰ মোবাইল ইএক্সপেৰিয়েঞ্চ (এমএক্স) ব্যৱসায়ৰ অধ্যক্ষ তথা মুৰব্বী টিএম ৰোহে কয় যে, “গেলেক্সি এছ২৪ ছিৰিজটোৱে বিশ্বৰ সৈতে আমাৰ সংযোগক ৰূপান্তৰিত কৰাৰ লগতে পৰৱৰ্তী দশকৰ মোবাইল উদ্ভাৱনক প্ৰৌজ্বল কৰি তুলিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *