চেমচাং ইলেক্ট্ৰনিক্সে কৰ্ণিঙৰ সৈতে সহযোগিতাৰে গেলেক্সি এছ২৪ আল্ট্ৰা ডিভাইচৰ বাবে মুকলি কৰিলে নতুন কৰ্নিং® গৰিলা® আৰ্মৰ কভাৰ মেটেৰিয়েল

চেমচাং ইলেক্ট্ৰনিক্স আৰু কৰ্নিঙে গেলেক্সি এছ ২৪ আল্ট্ৰা ডিভাইচৰ বাবে কৰ্নিঙৰ কৰ্নিং® গৰিলা® আৰ্মৰ কভাৰ মেটেৰিয়েল প্ৰদান কৰিবলৈ অংশীদাৰিত্ব কৰিছে, যিয়ে বহনক্ষমতাৰ লগতে দৃশ্যগত স্পষ্টতাৰ সংমিশ্ৰণ প্ৰদান কৰে, লগতে ডিছপ্লেৰ মানদণ্ড আৰু সদায়ে পৰিধান কৰিবলৈ সুবিধা হোৱাকৈ সুৰক্ষা প্ৰদান কৰিব।

কৰ্ণিং® গৰিলা® আৰ্মৰ হৈছে এক পৃথক ধৰণৰ স্মাৰ্টফোনৰ কভাৰ সামগ্ৰী। এক সাধাৰণ গ্লাছ পৃষ্ঠৰ তুলনাত, কৰ্ণিং গৰিলা আৰ্মাৰে প্ৰতিফলন ৭৫% পৰ্যন্ত হ্ৰাস কৰে, যিয়ে প্ৰদৰ্শনৰ পঠনযোগ্যতা বৃদ্ধি কৰে আৰু প্ৰায় যিকোনো পৰিৱেশত স্ক্ৰীণৰ প্ৰতিফলন হ্ৰাস কৰে। এই বিষয়ে কৰ্ণিং® গৰিলা® গ্লাছৰ উপাধ্য়ক্ষ আৰু জেনেৰেল মেনেজাৰ ডেভিদ ভেলাস্কুৱেজে কয় যে, “শেহতীয়া এই উদ্ভাৱনে একেসময়তে বহনক্ষমতাৰ প্ৰয়োজনীয়তা আৰু উন্নত অপটিক্সৰ আমাৰ ক্ৰমবৰ্ধিত প্ৰয়োজনীয়তাৰ সৈতেও মোকাবিলা কৰে, যিয়ে ভৱিষ্যতৰ মোবাইল ফোনৰ অভিজ্ঞতাক বৰ্তমান সময়লৈ লৈ আহিছে।”

এই কৰ্নিঙৰ গৰিলা আৰ্মৰ কভাৰ মেটেৰিয়েলে গেলেক্সি এছ ২৪ আল্ট্ৰাৰ স্থায়িত্ব বৃদ্ধি কৰিছে, এলুমিনোচিলিকেট কভাৰ গ্লাছৰ তুলনাত উৎকৃষ্ট স্ক্ৰেচ ৰেজিষ্টেন্স প্ৰদৰ্শন কৰে। “স্ক্ৰেচ বট” লেব পৰীক্ষাই দৈনিক পৰিধানৰ বাবে হোৱা মাইক্ৰ’ স্ক্ৰেচক প্ৰতিলিপি আৰু নিৰীক্ষণ কৰিছিল, সেয়েহে ইয়াত কোনো দৃশ্যমান আঁচোৰ আৰু এলুমিনোচিলিকেট কভাৰ গ্লাছতকৈ চাৰিগুণতকৈ অধিক স্ক্ৰেচ ৰেজিষ্টেন্স প্ৰদান কৰা হৈছে। কৰ্নিঙৰ নতুন কভাৰ মেটেৰিয়েলক এনেদৰে ডিজাইন কৰা হৈছে যাতে পৰিধান আৰু ছিঙি নোযোৱাকৈ উন্নত সুৰক্ষা প্ৰদান কৰিব পাৰে। কভাৰ গ্লাছত ২৫% প্ৰি-কনজিউমাৰ পুনৰ্ব্যৱহাৰযোগ্য সমলো থাকে, এইসমূহ সামগ্ৰীৰ পুনঃব্যৱহাৰৰ বাবে ইউএল২৮০৯-২ পৰিৱেশ অনুকুল ক্লেইম ভেলিডেচন পদ্ধতি অনুসৰি ইউ এল চল্যুচনে নিশ্চিত কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *