এছএআইচি মটৰ আৰু জেএছডব্লিউ গ্ৰুপে আগবঢ়াইছে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ভাৰতীয় অটোমোটিভ উদ্যোগত এক নতুন যুগৰ পথ প্ৰদৰ্শক

গ্লবেল ফৰ্চুন ৫০০ কোম্পানী এছএআইচি মটৰ আৰু ভাৰতৰ আগশাৰীৰ সংঘবদ্ধ সংস্থা জেএছডব্লিউ গ্ৰুপে যুটীয়াভাৱে প্ৰতিষ্ঠা কৰিছে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়া)। দেশৰ দ্ৰুতগতিত বিকশিত হোৱা গতিশীল পৰিৱেশক মূলধন হিচাপে লৈ ভাৰতৰ অটোমোটিভ খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰাই হৈছে এই কৌশলগত সহযোগিতাৰ প্ৰধান লক্ষ্য। নৱগঠিত এই যৌথ প্ৰতিষ্ঠানটোৱে যোগান শৃংখলৰ ব্যাপক সংহতিৰ জৰিয়তে আগলৈ আৰু পিছলৈ দুয়োটা পৃষ্ঠভূমিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতৰ বৈদ্যুতিক বাহন(ইভি) পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিবলৈ সাজু হৈছে। বৰ্তমানৰ বছৰি ১ লাখৰো অধিক বাহনৰ পৰা অভিলাষী ৩ লাখলৈ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ পৰিকল্পনাৰে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই আগ্ৰাসী কৌশলেৰে উন্নত সামগ্ৰী মুকলি কৰি দিবলৈ সাজু হৈছে। ইয়াৰ ভিতৰত আগন্তুক উৎসৱৰ বতৰৰ পৰা আৰম্ভ কৰি নতুন শক্তি বাহন (এন ই ভি)ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আৰু প্ৰতি তিনিৰ পৰা ছমাহৰ মূৰে মূৰে এখন নতুন বাহনৰ প্ৰৱৰ্তন কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে।

তদুপৰি বিশাল বিনিয়োগেৰে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই প্ৰিমিয়াম যাত্ৰীবাহী বাহন খণ্ডত প্ৰৱেশ কৰিবলৈ সাজু হৈছে আৰু ব্যাপক স্থানীয়কৰণ প্ৰচেষ্টাৰে সমগ্ৰ দেশতে উৎপাদনৰ পদচিহ্ন যথেষ্ট পৰিমাণে সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে। এই সম্প্ৰসাৰণে দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি যথেষ্ট নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ পৰিচালনা সমিতি(ষ্টিয়াৰিং কমিটী)ৰ সদস্য পাৰ্থ জিন্দালে যৌথ উদ্যোগটোৰ সম্ভাৱনাৰ ওপৰত আস্থা ব্যক্ত কৰি কয় যে, “বিশ্ববিশ্ৰুত ব্ৰিটিছ ব্ৰেণ্ড এমজিয়ে অত্যাধুনিক প্ৰযুক্তি আৰু জেএছডব্লিউৰ স্থানীয় উৎপাদন কৌশল আৰু দক্ষতাৰ লিগেচীক ব্যৱহাৰ কৰি জেএছডব্লিউ এমজিয়ে ভাৰত আৰু পৃথিৱীৰ বাবে ভাৰততে বিশ্বৰ আগশাৰীৰ সামগ্ৰী প্ৰস্তুত কৰিব।”

এমজি মটৰ ইণ্ডিয়াৰ চিইঅ’ এমেৰিটাছ ৰাজীৱ চাবাই উদ্ভাৱন আৰু বহনক্ষমতাৰ প্ৰতি প্ৰতিষ্ঠানটোৰ দায়বদ্ধতাক আলোকপাত কৰি এক শক্তিশালী আৰু বহনক্ষম বৈদ্যুতিক বাহনৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ওপৰত বিষয়ত শেহতীয়াভাৱে আগবঢ়োৱা মনোযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে, “আমি জেএছডব্লিউ গ্ৰুপৰ বিস্তৃত জ্ঞান আৰু স্কেলৰ সহায়ত উৎপাদনৰ দক্ষতাক লাভৱান্বিত কৰি বিস্তৃত স্থানীয়কৰণৰ জৰিয়তে আমাৰ উৎপাদনৰ স্থান সম্প্ৰসাৰণৰ বাবে দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ।” জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ এই অভিলাষী ৰোডমেপত ভাৰতীয় গ্ৰাহকসকলৰ বৈচিত্ৰ্যপূৰ্ণ পছন্দ অনুসৰি সংযুক্ত আৰু নতুন যুগৰ গতিশীল সমাধান বিকশিত কৰিবলৈ অত্যাধুনিক অনুসন্ধান আৰু বিকাশ কেন্দ্ৰ(ষ্টেট-অৱ-দ্য-আৰ্ট আৰএণ্ডডি চেণ্টাৰ) স্থাপন কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *