দেশৰ হকে বলিদান! জন্ম গাঁৱত সামৰিক মৰ্যাদাৰে শেষ বিদায় শ্বহীদ জোৱান মনুক

অৱশেষত স্বগৃহ পালেহি ভাৰত মাতৃৰ বীৰ পুত্ৰ মনু! পত্নীক কথা দিয়া মতে সোঁশৰীৰে উপস্থিত নহ’লেও নিথৰ দেহ হৈ আপোন ঘৰখনৰ চোতালত উপস্থিত হ’ল বীৰ জোৱানজন। যোৱা ২২ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ডোডাত সেনাৰ বাহন দুৰ্ঘটনাত শ্বহীদ হোৱা জোৱান মনুৰ নশ্বৰ দেহ আজি ত্ৰিৰংগাৰে মেৰিয়াই উত্তৰ প্ৰদেশৰ আলিগড়ৰ দাউপুৰস্থিত জন্মভূমিলৈ অনা হয়। ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

ত্ৰিৰংগাৰে আবৃত্ত পুত্ৰৰ মৃতদেহ দেখাৰ মুহূৰ্ততে শোকত সংজ্ঞাহীন হৈ পৰা পিতৃ-মাতৃৰ আৰ্তনাদে উপস্থিত প্ৰতিজনৰ চকু সেমেকাই তোলে। উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে ডোডাত সেনাৰ এখন বাহন প্ৰায় ৪০০ ফুট গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত ২৮ বছৰীয়া জোৱানজনৰ লগতে আন ১০ গৰাকী সতীৰ্থই কৰুণ মৃত্যুক সাৱটি লৈছিল। আলিগড়ৰ দাউপুৰৰ নিবাসী মনুৱে ২০১৯ চনত কনিষ্ঠ ভাতৃৰ সৈতে একেলগেই সেনাবাহিনীত যোগদান কৰি দেশমাতৃৰ সেৱাত ব্ৰতী হৈছিল।

ছুটীৰ অন্তত যোৱা ৫ জানুৱাৰীত কৰ্তব্যস্থলীলৈ উভতি যোৱা জোৱানজনে দুৰ্ঘটনাৰ পূৰ্বৰ নিশা পত্নী নেহাৰ সৈতে শেষবাৰৰ বাবে কথা পাতিছিল। ভাতৃৰ ভাষ্য অনুসৰি সেই ফোন কলটোৱেই আছিল পৰিয়ালৰ বাবে জোৱানজনৰ শেষ কণ্ঠস্বৰ। আজি বিয়লি হেজাৰ হেজাৰ গুণমুগ্ধৰ উপস্থিতিত ‘মনু অমৰ হওক’ ধ্বনিৰে আকাশ-বতাহ কঁপাই সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে বীৰ জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয়।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *