ম্যানমাৰৰ বৈদেশিক মন্ত্ৰীৰে হোৱা বৈঠকত সীমান্তৰ সমীপতে সংঘটিত হিংসাত্মক ঘটনাক লৈ ভাৰতৰ উদ্বেগ প্ৰকাশ

106

ম্যানমাৰৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী উ থান শ্বেৰ সৈতে বুধবাৰে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে। বৈঠকৰ সময়ত ভাৰতৰ ম্যানমাৰ সীমান্তৰ সমীপত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি মিৱাড়ি চহৰত আৱদ্ধ ভাৰতীয়সকলক নিৰাপদে ঘূৰি অহাৰ সুবিধা কৰিবলৈ সহযোগিতাৰ আহ্বান জনায় জয়শংকৰে।

বৈঠকৰ অন্তত মন্ত্ৰী ড০ এছ জয়শংকৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে, “আমি আমাৰ ম্যানমাৰ সীমান্তত অব্যাহত থকা হিংসাত্মক ঘটনা আৰু অস্থিৰ পৰিৱেশক লৈ ভাৰতৰ উদ্বেগৰ বিষয়ে বিশদভাৱে আলোচনা কৰিলোঁ। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে সকলো অংশীদাৰক জড়িত কৰাৰ বাবে সাজু আছে। নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ, অবৈধ অস্ত্ৰ সৰবৰাহ আৰু মানৱ সৰবৰাহৰৰ দৰে প্ৰত্যাহ্বানৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়।” মিৱাড়িত আৱদ্ধ ভাৰতীয় নাগৰিকক অচিৰে দেশলৈ ঘূৰাই পঠোৱাৰ বাবে সহায়ৰ বাবে অনুৰোধ জনায় ড০ জয়ংশকৰে। ইয়াৰ উপৰিও ড° এছ জয়শংকৰে দেশখনত চলি থকা ভাৰতৰ প্ৰকল্পসমূহৰ বাবে বিশ্বাসযোগ্য নিৰাপত্তা নিশ্চয়তাৰ বাবে জোৰ দিছে। বিদেশ মন্ত্ৰীগৰাকীয়ে ম্যানমাৰৰ গণতান্ত্ৰিক ৰূপান্তৰৰ পথলৈ ক্ষিপ্ৰতাৰে ঘূৰি আহিবলৈ আহ্বান জনাইছে, ভাৰতে এইক্ষেত্ৰত সকলো প্ৰকাৰে সহায় কৰিবলৈ সাজু বুলিও উল্লেখ কৰে।

মন কৰিবলগীয়া যে, ২০২১ৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সেনাৰ অভ্যুত্থান ঘটিছিল, যাৰ ফলশ্ৰুতিত সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰাই ৰাখাইন প্ৰদেশৰ দৰে অঞ্চলত সশস্ত্ৰ বিদ্ৰোহী আৰু সামৰিক বাহিনীৰ মাজত তীব্ৰ সংঘাত আৰু গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত প্ৰতিবাদ অব্যাহত আছে। যাৰ ফলত ভাৰত আৰু ম্যানমাৰৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছে।