৫টা জলাশয় পুনৰুজ্জীৱিত কৰাৰ পৰিকল্পনা আৰএনএআইপিএলৰ

135

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰেন’ল্ট নিছান অটোমোটিভ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (আৰএনএআইপিএল) চেন্নাইৰ অৰাগাডাম আৰু ইয়াৰ আশে-পাশে অতিৰিক্ত পাঁচটা প্ৰকল্প ন ৰূপত সজাই তোলাৰ পৰিকল্পনাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। ২০২৩তে ওৰাগাডাম/ কাঞ্চিপুৰম অঞ্চলৰ ১০টা হ্ৰদ আৰু পুখুৰী আৰএনএআইপিএলে পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল, এই পদক্ষেপৰ লগে লগে আৰএনএআইপিএলৰ পৰিৱেশ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে সুৰক্ষিত আৰু বৰ্ধিত সেৱা আগবঢ়োৱা জলাশয়ৰ মুঠ সংখ্যা ১৫লৈ বৃদ্ধি পাইছে।

প্ৰতিষ্ঠানটোৰ শেহতীয়া প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আৰএনএআইপিএল-এ ২০২৪ বিত্তীয় বৰ্ষত এজিচুৰ, কাদুভাঞ্চেৰি, ভাঞ্চুভাঞ্চেৰি, নাৰিয়ামপাক্কাম গাঁৱত নতুনকৈ ৫টা জলাশয় পুনৰ উজ্জীৱিত কৰিব। এই হ্ৰদবোৰত পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰা, জৈৱ বৈচিত্ৰ্য বৃদ্ধি আৰু স্থানীয় মানুহক সতেজ খোৱা পানীৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে ব্যাপক পুনৰুদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই পদক্ষেপৰ বিষয়ে অভিমত প্ৰকাশ কৰি আৰএনএআইপিএলৰ পৰিচালনা সঞ্চালক কীৰ্তি প্ৰকাশে কয় যে, “আমি সামূহিক পদক্ষেপৰ শক্তিত বিশ্বাস কৰোঁ আৰু এনে ধৰণৰ পদক্ষেপে পৰিৱেশ তন্ত্ৰ আৰু আমাৰ চাৰিওফালৰ লোকসকলৰ জীৱনত এক স্থায়ী ইতিবাচক প্ৰভাৱ সৃষ্টি কৰিব পাৰে।”

যোৱা বৰ্ষত আৰএনএআইপিএলে কাঞ্চিপুৰম জিলাৰ ওৰাগাডাম আৰু ইয়াৰ আশে-পাশে থকা ১০টা হ্ৰদ আৰু পুখুৰী পুনৰ উদ্ধাৰ আৰু সজীৱ কৰি তোলাৰ কাম আৰম্ভ কৰিছিল, য’ত প্ৰতিষ্ঠানটোৰ উৎপাদন কাৰখানা অৱস্থিত। আজি ১০টা হ্ৰদৰ ভিতৰত ৯টা হ্ৰদ সজীৱ কৰি তোলাৰ প্ৰচেষ্টা সম্পূৰ্ণ কৰি স্থানীয় কৰ্তৃপক্ষক সফলতাৰে গতাই দিয়াৰ লগে লগে অঞ্চলটোৱে নতুন মাত্ৰা লাভ কৰিছে, সমান্তৰালভাৱে চুবুৰীয়া জনগোষ্ঠীসমূহৰ বাবে জলসম্পদ আৰু জৈৱ-বৈচিত্ৰ্যতা বৃদ্ধি পাইছে।