চিয়েট আইএছআইৰএলৰ চিজন ২-ৰ বাবে মেগা নিলামৰ বাবে ৰাইডাৰ পঞ্জীয়ন মুকলি হয়

97

সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথমবাৰলৈ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ লীগ চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে ছিজন ২ৰ বাবে ৰাইডাৰৰ পঞ্জীয়ন মুকলি কৰি দ্বিতীয় ছিজনৰ বাবে সাজু হৈছে। প্ৰতিজন দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা অসাধাৰণ উদ্বোধনী ছিজনৰ পিছত ব্যতিক্ৰমী প্ৰতিভাৰ সমাহাৰ ঘটাই সকলোকে চমক দিবলৈ সাজু হৈছে আইএছআৰএলৰ দ্বিতীয়টো ছিজন।

মটৰস্পৰ্টছৰ উদ্বোধনী ছিজনে অনুৰাগীসকলৰ মাজত যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছিল, ডিফেণ্ডিং চেম্পিয়নকে ধৰি বিভিন্ন দেশৰ পৰা ১০৪ৰো অধিক ৰাইডাৰে পঞ্জীয়ন কৰিছিল। প্ৰথমটো ছিজনত খিতাপৰ যুঁজত অংশ লোৱাসকলৰ অন্যতম আছিল মেট মছ – ৯ বাৰৰ অষ্ট্ৰেলিয়ান এমএক্স আৰু এছএক্স চেম্পিয়ন, জৰ্ডি টিক্সিয়াৰ – বিশ্ব চেম্পিয়ন এমএক্স২ (২০১৪), ২০২২ৰ প্ৰিন্স অৱ পেৰিছ (এছএক্স২) থমাছ ৰামেট, ফ্ৰান্সৰ হুগো মাঞ্জাটো, চেলেব গৌলেত, অষ্ট্ৰেলিয়াৰ ৰিড টেইলৰ আৰু থাইলেণ্ডৰ ব্রায়ান গেইলছ, যিয়ে ছিজন ১ৰ ৮৫চিচি কেটেগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ সহ-প্ৰতিষ্ঠাপক আৰু সঞ্চালক ঈষাণ লোখাণ্ডে কয় যে, “আমি ছিজন ২ক লৈ যথেষ্ট উৎসাহিত আৰু আত্মবিশ্বাসী যে ই আমাৰ উদ্বোধনী ছিজনৰ অসাধাৰণ সফলতাক এইবাৰ অতিক্ৰম কৰিব পাৰিম।”

ভাৰতৰ যুগান্তকাৰী মটৰস্পৰ্ট বিপ্লৱ চিয়েট আইএছআইৰএলৰ বাবে এতিয়াই কৰক পঞ্জীয়ন। এই ৰেজিষ্ট্ৰেচন হৈছে ৰাইডাৰ পুলত প্ৰৱেশ কৰাৰ প্ৰাৰম্ভিক পদক্ষেপ আৰু খেলুৱৈ নিলামৰ সময়ত ফ্ৰেঞ্চাইজিসকলে দলসমূহলৈ নিৰ্বাচনৰ বাবে বিবেচনা কৰা হয়। আগন্তুক ছিজনত ২০২৫ চনৰ জানুৱাৰীৰ পৰা মাৰ্চলৈকে ভাৰতীয় চহৰসমূহৰ ভিতৰত একাধিক ৰাউণ্ড অনুষ্ঠিত হ’ব, যি ফেডাৰেচন অৱ মটৰ স্প’ৰ্টছ ক্লাবছ অৱ ইণ্ডিয়া(এফএমএছচিআই)ৰ অংশীদাৰিত্বৰে আয়োজন কৰা হ’ব।