ভাৰতত বাহনৰ গৱেষণা আৰু উন্নয়ন শক্তিশালী কৰিবলৈ আইআইটি কানপুৰৰ সৈতে ৰেন’ৰ অংশীদাৰিত্ব

ৰেন’ ইণ্ডিয়াই ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰৰ সৈতে এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে। এই সহযোগিতাৰ উদ্দেশ্য হৈছে প্ৰতিষ্ঠানখনৰ উন্নত নেচনেল ৱিণ্ড টানেল ফেচিলিটি(এনডব্লিউটিএফ)-ৰ সহায় লৈ দেশত বাহনৰ গৱেষণা আৰু উন্নয়নমূলক ক্ষমতা অধিক শক্তিশালী কৰা। এই সহযোগিতাৰ অধীনত, ৰেন’ ইণ্ডিয়াই নিজৰ যাত্ৰীবাহী বাহনসমূহৰ এৰ’ডাইনেমিক আৰু বতাহৰ শব্দৰ পৰীক্ষণ কৰিবলৈ এই অত্যাধুনিক পৰীক্ষাগাৰটো ব্যৱহাৰ কৰিব। ই উন্নত দক্ষতা, সুৰক্ষা আৰু প্ৰদৰ্শন সামৰ্থ্যযুক্ত পৰৱৰ্তী প্ৰজন্মৰ গাড়ীৰ আৰ্হি প্ৰস্তুত কৰাত সহায় কৰিব। কোম্পানীটোৱে জানিবলৈ দিয়ে যে এই পদক্ষেপে ৰেন’ৰ গোলকীয় অভিযান্ত্ৰিক দক্ষতা আৰু আইআইটি কানপুৰৰ উন্নত গৱেষণা আন্তঃগাঁথনিক একত্ৰিত কৰিব, যাৰ ফলত অধিক নিখুঁত বাহনৰ গুণাগুণ নিৰূপণ আৰু উৎপাদন উন্নত কৰা সম্ভৱ হ’ব।

ৰেন’ গ্ৰুপ ইণ্ডিয়াৰ চীফ অৱ ইঞ্জিনিয়াৰিং ড০ বিক্ৰমণ ভি-এ এই বিষয়ে সদৰি কৰি কয় যে, এই অংশীদাৰিত্বই ৰেন’ৰ গোলকীয় উদ্ভাৱন আৰু অভিযান্ত্ৰিক ব্যৱস্থাত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাক প্ৰতিফলিত কৰে আৰু লগতে ভৱিষ্যতৰ বাবে উপযোগী বাহন প্ৰস্তুত কৰাত সহায় কৰিব। আইআইটি কানপুৰৰ নেচনেল ৱিণ্ড টানেল ফেচিলিটীৰ সমন্বয়ক প্ৰফেচৰ ড০ অলকেশ চন্দ্ৰ মণ্ডলে কয় যে, এই সহযোগিতাই এই পৰীক্ষাগাৰটোৰ ব্যৱহাৰ কেৱল মহাকাশ গৱেষণাতে সীমাবদ্ধ নাৰাখি ইয়াক বিস্তৃত কৰিব আৰু ভাৰতত অট’ম’টিভ উদ্ভাৱনক শক্তিশালী কৰিব। নেচনেল ৱিণ্ড টানেল ফেচিলিটী হৈছে ভাৰতৰ প্ৰথমটো এনেধৰণৰ উন্নত পৰীক্ষাগাৰ, য’ত থকা কণ্টিনিউৱাছ ক্ল’জড-জেট টেষ্ট চেকচনৰ জৰিয়তে ঘণ্টাত ৮০ কিলোমিটাৰৰ পৰা ২৮০ কিলোমিটাৰ বেগৰ ভিতৰত বাহনৰ এৰ’ডাইনেমিকছ মূল্যায়ন কৰিব পৰা যায়। বৰ্তমান এই ব্যৱস্থাক ঘণ্টাত ৪০০ কিলোমিটাৰতকৈও অধিক বেগত পৰীক্ষণ কৰিব পৰাকৈ উন্নত কৰা হৈছে। এই বুজাবুজিৰ চুক্তিখনে দুয়োটা প্ৰতিষ্ঠানৰ মাজত দীৰ্ঘম্যাদী সহযোগিতা সহজ কৰিবলৈ বাণিজ্যিক চুক্তি, বৌদ্ধিক সম্পদ পৰিচালনা আৰু গোপনীয়তা ৰক্ষাৰ এক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিছে।

গুৱাহাটী মহানগৰীত এই অংশীদাৰিত্বই পৰৱৰ্তী সময়ত উত্তৰ-পূবৰ গ্ৰাহকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। কাৰণ ইয়াৰ জৰিয়তে উন্নত ইন্ধন দক্ষতা, কম কেবিন নইজ আৰু উন্নত চালনা প্ৰদৰ্শনযুক্ত বাহন বিকশিত কৰাত সহায় হ’ব। ৰেন’ই ভাৰতত নিজৰ অভিযান্ত্ৰিক ক্ষমতা বৃদ্ধি কৰাৰ লগে লগে গুৱাহাটী মহানগৰীৰ ডীলাৰশ্বিপ আৰু গ্ৰাহকসকলে অৱশেষত এনে কিছুমান প্ৰযুক্তিগতভাৱে উন্নত মডেল লাভ কৰিব পাৰিব, যিবোৰ অঞ্চলটোৰ বৈচিত্ৰ্যময় পথ আৰু জলবায়ুৰ বাবে অধিক উপযোগী হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *