উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সাৰুৱা সেউজীয়া ভূ-প্ৰকৃতিত পৰম্পৰা গভীৰভাৱে প্ৰোথিত হৈ আহিছে আৰু সংস্কৃতিবোৰ জীপাল ৰঙেৰে ফুলি উঠে, য’ত এক নিস্তব্ধ বিপ্লৱে শিপাইছে— যিসকল নাৰীৰ নেতৃত্বত অক্লান্ত হাত আৰু অদম্য আত্মাই অঞ্চলটোক অনন্য কৰি তুলিছে। অসমৰ পাদদেশৰ পৰা নাগালেণ্ডৰ উপত্যকালৈকে এই মহিলাসকলে নিজৰ ঐতিহ্যক অর্থনৈতিক বিকাশৰ ইঞ্জিনলৈ ৰূপান্তৰিত কৰাৰ সমান্তৰালভাৱে সংৰক্ষণৰ প্রেৰণাদায়ক সফলতাৰ কাহিনীৰ চিত্ৰনাট্য ৰচনা কৰিছে৷ এইসকল মহিলাৰ কৃতিত্ব কেৱল উদ্যোগৰ কাহিনী নহয়— দূৰদৰ্শী চৰকাৰী আঁচনি আৰু তৃণমূল পৰ্যায়ৰ প্ৰতিষ্ঠানৰ সহায়ত সপোনক কেনেকৈ উত্তৰাধিকাৰলৈ লালন-পালন কৰা হৈছে তাৰ শক্তিশালী প্ৰমাণ।
শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫ত এনে কিছুমান উদ্ভাৱন-কাহিনী উপস্থাপন কৰা হৈছে। ঘৰুৱা দায়িত্বই বহুদিনৰ পৰাই কামৰূপ গ্ৰাম্য জিলাৰ ৫৬ বছৰীয়া জনজাতীয় মহিলাক আইনৰ স্নাতকোত্তৰ ডিগ্ৰীৰ সপোন বাস্তৱ হ’বলৈ দিয়া নাছিল। প্ৰধানমন্ত্ৰী ৱন ধন যোজনা(পিএমভিডিৱাই)ই মহিলাগৰাকীৰ জীৱনৰেখা আগনবঢ়োৱালৈকে উদ্ভিদৰ প্ৰতি থকা প্ৰেম সুপ্ত হৈ আছিল। নাৰ্চাৰী মেনেজমেণ্টৰ প্ৰশিক্ষণ আৰু ঘৰৰ কাষৰ মাটিটুকুৰাতে প্ৰথমে ভৱিষ্যতৰ বীজ সিঁচিছিল। কোনো কোনো দিনে ৫,০০০ টকা স্পৰ্শ কৰা দৈনিক উপাৰ্জনে আত্মনিৰ্ভৰশীল আৰু বহনক্ষমতাৰ স্থানীয় প্ৰতীক কৰি তুলিছে। তেখেতে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, “মোৰ নাৰ্চাৰীৰ প্ৰতিপাহ ফুলেই এটা এটা কাহিনী কঢ়িয়াই ফুৰে— সংগ্ৰামৰ, আশাৰ আৰু জয়ৰ।” ওদালগুৰি জিলাৰ ভেৰগাঁৱত মেৰিনা লাহিৰীয়ে সৃষ্টি কৰিলে জীৱনৰ এক নতুন আখ্যান।
“দক্ষতা, ঐক্য আৰু সঠিক সমৰ্থনৰ সহায়ত আমি এনেকুৱা কিবা এটা গঢ়ি তুলিছোঁ, যিয়ে কেৱল এজন ব্যক্তিকে নহয়, সমগ্ৰ সম্প্ৰদায়কো শক্তিশালী কৰে,” দৃঢ়তাৰে এইদৰে কয়। আন এগৰাকী মহিলা জোনালীক পিএমভিডিৱাইৰ অধীনত সোণাপুৰৰ লুকামপুৰ ভিডিভিকেচি-এ পিএমইজিপি আৰু এনআৰএলএমৰ দৰে আঁচনিৰ জৰিয়তে উন্নত কৌশলৰ প্ৰশিক্ষণ আৰু আৰ্থিক সহায় আগবঢ়ায়। জোনালীৰ ব্যৱসায়টোৱে এতিয়া মাহে ৬৫,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰে। জোনালীয়ে কয় যে, “মই কেতিয়াও কল্পনা কৰা নাছিলো যে বয়ন মোৰ ভৱিষ্যৎ হ’ব পাৰে। নাগালেণ্ডৰ য়াংগেৰলা জমিৰ কেৱল এগৰাকী শিল্পী আৰু সমাজকৰ্মীয়ে নহয়, এগৰাকী দূৰদৰ্শী যিয়ে হাতেৰে প্ৰস্তুত প্ৰতিটো টুকুৰাক নিজৰ মানুহৰ কাহিনী হিচাপে লয়। এই সকলোবোৰ মহিলাই একেলগে এনে এক পৰিৱেশ তন্ত্ৰ গঠন কৰিছে য’ত সপোন কেৱল সম্ভৱপৰ নহয়, বাস্তৱো।