জেএলআৰ ইণ্ডিয়াৰ বৃদ্ধি পাইছে বিক্ৰীৰ পৰিমাণ

জেএলআৰ ইণ্ডিয়াই একেৰাহে তিনি চতুৰ্থাংশ ৰেকৰ্ড বিক্ৰীৰে অভিলেখ সৃষ্টি কৰিছে, ২০২৩ চনৰ ৩১ ডিচেম্বৰত সমাপ্ত হোৱা ৯ মাহত কোম্পানীটোৱে ৩,৫৮২ ইউনিট বিক্ৰী কৰিছে আৰু প্ৰতি বছৰ বৃদ্ধিৰে ৯৩% অগ্ৰগতি কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৰ ডিফেণ্ডাৰৰ বিক্ৰী বছৰেকত ১৫০% বৃদ্ধি পাইছে। আনহাতে ৰেঞ্জ ৰভাৰে বছৰৰ পিছত বছৰ ২৫০% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰৰ তুলনাত মুঠ অৰ্ডাৰ বুক ৯২% বৃদ্ধি পাইছে। ২০২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত জেএলআৰ ইণ্ডিয়াই বছৰ বছৰ ধৰি ৭৪% বৃদ্ধিৰে আকৰ্ষণীয় ১,২২৬ ইউনিটৰ খুচুৰা বিক্ৰী(ৰিটেইল চেল) কৰিবলৈ সক্ষম হৈছে।

নতুনকৈ মুকলি কৰা ২৪এমৱাই ৰেঞ্জ ৰভাৰ ভেলাৰেও ১৮৩% ৱাইঅ’ৱাই বৃদ্ধি প্ৰত্যক্ষ কৰিছে, যাৰ পৰিণামস্বৰূপে বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে।জেএলআৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাজন আম্বাই কয় যে, ভাৰতত কোম্পানীটোৰ প্ৰগতিৰ বিশেষত্বই হৈছে ধাৰাবাহিক আৰু বিশেষ অগ্ৰগতি, ইতিমধ্যে প্ৰতি ৩ মাহত বৃদ্ধিৰে বছৰৰ পিছত বছৰ ধৰি প্ৰায় ১০০% আকৰ্ষণীয় উত্থান দেখা গৈছে।

ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্ডাৰ বেংক আৰু অবিৰত অৰ্ডাৰ গ্ৰহণে এক শক্তিশালী চাহিদাৰ সংকেত দিছে, যিয়ে ভৱিষ্যতৰ সম্ভাৱনাৰ প্ৰতিশ্ৰুতি বহন কৰে। দীৰ্ঘদিনে বহুপ্ৰত্যাশিত ৰেঞ্জ ৰোভাৰ বিইভিয়ে সমগ্ৰ দেশৰ গ্ৰাহকসকলৰ মাজত গুৰুত্বপূৰ্ণ আগ্ৰহৰ সৃষ্টি কৰিছে। আগন্তুক শুভাৰম্ভণি আৰু মুকলিৰ জৰিয়তে এই ত্ৰৈমাসিকত জেএলআৰ ভাৰতত নিজৰ উল্লেখযোগ্য বিকাশৰ গতিধাৰা বজাই ৰাখিবলৈ সাজু হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *