ৰেইনব’ই সফলতাৰে সম্পন্ন কৰিলে বিশ্বৰ প্ৰথম ভ্ৰুণৰ হৃদযন্ত্ৰত ভালভ সংযোগ অস্ত্ৰোপচাৰ

ৰেইনব’ চিলড্ৰেন হাৰ্ট ইনষ্টিটিউটে জটিল এঅ’ৰ্টিক ষ্টেনোচিছ ৰোগত আক্ৰান্ত হোৱা ২৭ সপ্তাহৰ এটা ভ্ৰুণৰ ডিভাইচ ক্লজাৰ(বন্ধ) কৰি বিশ্বৰ প্ৰথমটো ভ্ৰুণৰ এঅ’ৰ্টিক ভালভুল’প্লাষ্টি সফলতাৰে সম্পন্ন কৰিছে। এই অগ্ৰণী পদ্ধতিয়ে উন্নত ভ্ৰূণৰ হৃদযন্ত্ৰৰ হস্তক্ষেপক বন্ধ সঁজুলিৰ সৈতে সফলতাৰে একত্ৰিত কৰিছে, যিয়ে ভ্ৰূণৰ হৃদৰোগৰ ক্ষেত্ৰত এক নতুন বিশ্বজোৰা মানদণ্ড নিৰ্ধাৰণ কৰিলে।
মুখ্য শিশু হৃদৰোগ বিশেষজ্ঞ ডাঃ কনেটি নাগেশ্বৰৰাওৰ নেতৃত্বৰ এটা দলে এই পদ্ধতিত বেলুন কেথেটাৰ ব্যৱহাৰ কৰি এঅ’ৰ্টিক ভালভ সংকুচিত হোৱাৰ পৰা সকাহ পাবলৈ বেলুন কেথেটাৰ ব্যৱহাৰ কৰা হৈছিল, তাৰ পিছত ফুটা কৰা স্থানটো বন্ধ কৰিবলৈ অত্যাধুনিক সঁজুলিৰ অভিনৱ ব্যৱহাৰ কৰা হৈছিল। এই যুগান্তকাৰী পদক্ষেপে সমগ্ৰ প্ৰক্ৰিয়াৰ সময়ত আৰু অস্ত্ৰোপচাৰৰ পিছত ভ্ৰুণৰ সুৰক্ষা নিশ্চিত কৰিছে। এই ভ্ৰূণটোৱে হৃদযন্ত্ৰৰ কাৰ্য-কলাপত তাৎক্ষণিকভাৱে উন্নতি দেখুৱাইছিল আৰু শেহতীয়াকৈ সফলভাৱে প্ৰসৱৰ পিছত সুস্বাস্থ্যৰে ডিচচাৰ্জ কৰি হাস্পতালৰ পৰা গৃহাভিমুখী হৈছিল।
এনে এক সুক্ষ্ম প্ৰক্ৰিয়াৰ সময়ত ক্লজাৰ ডিভাইচ(বিশেষ সঁজুলি) ব্যৱহাৰ কৰাত দলটোৰ সফলতাক ফেটাল(ভ্ৰুণ) হৃদযন্ত্ৰৰ চিকিত্সাৰ ক্ষেত্ৰত এক যুগান্তকাৰী ৰূপে পৰিগণিত হৈছে। ডাঃ কনেটি নাগেশ্বৰ ৰাওৱে জন্মৰ পূৰ্বে জীৱন ৰক্ষাৰ ক্ষেত্ৰত উদ্ভাৱন আৰু দলীয় কৰ্মৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এনে চিকিৎসা পদ্ধতিৰ অগ্ৰগতিয়ে অসমৰ জনসাধাৰণকো শিশুৰ হৃদৰোগ বিজ্ঞানৰ প্ৰতি অধিক সজাগ কৰিব বুলি আশা কৰা হৈছে, বিশেষকৈ যিবোৰ অঞ্চলত বিশেষ স্বাস্থ্যসেৱাৰ বিকল্প এতিয়াও সীমিত হৈ আছে। অসমৰ পৰিয়ালসমূহে যথাসম্ভৱ এই সাফল্যক জন্মগত হৃদৰোগৰ চিকিৎসাৰ বাবে আশাৰ আলোকস্তম্ভ হিচাপে বিবেচনা কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *