Punch.evক ভাৰত-এনচিএপিয়ে প্ৰদান কৰিলে ৫ ষ্টাৰ, প্ৰমাণিত হ’ল ভাৰতৰ আটাইতকৈ নিৰাপদ বাহন

132

টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে(টিপিইএম) ২০২৫ বিত্তীয় বৰ্ষৰ আৰম্ভণিতে সৰ্বোচ্চ স্তৰত আৰোহণ কৰিছে কিয়নো কোম্পানীটোৱে নিজৰ এছ ইউ ভি – Punch.ev আৰু Nexon.ev বাহনখনে ভাৰত-এনচিএপিৰ আকাংক্ষিত ফাইভ ষ্টাৰ ছেফটি ৰেটিং লাভ কৰিছে। উল্লেখ্য যে, এই সময়ছোৱাত পৰীক্ষা কৰা সকলো ভাৰতীয় বাহনৰ ভিতৰত Punch.ev-এ সৰ্বোচ্চ ৰেটিং লাভ কৰিছিল। এই ফলাফল প্ৰকাশৰ লগে লগে সকলো Tata.ev এছইউভি ভাৰত-এনচিএপিৰ দ্বাৰা সুৰক্ষাৰ ক্ষেত্ৰত পঞ্চ-তাৰকাৰ স্বীকৃতি লাভ কৰিলে।

Tata.ev পৰ্টফলিঅ’ই নতুনকৈ আগবঢ়াইছে Punch.ev। এয়া হৈছে টাটা.ইভিৰ প্ৰকৃত ইভি ভাস্কৰ্য – acti.evৰ ওপৰত ভিত্তি কৰি এক বহুমুখী আৰু বহু-প্ৰতিভাশালী ইভি, এটা আকৰ্ষণীয়, ক্লাছিকেল এছইউভি ডিজাইনত মাৰ্জিত ৰূপত বিশেষভাৱে সাজু কৰা হৈছে। পাঞ্চ.ইভিয়ে  নিৰৱচ্ছিন্নভাৱে  Arcade.ev, এয়াৰ পিউৰিফায়াৰ, আদৰণি আৰু বিদায়ী কাৰ্য সমাপন কৰিব পৰা এণ্ড টু এণ্ড এলইডি ডিআৰএল, ফ্ৰাংক, ছানৰুফ, সকলো ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আৰু ইনফ’টেইনমেণ্টৰ দৰে বৈশিষ্ট্যসমূহ একেলগে সন্নৱিষ্ট কৰিছে।

ইয়াৰ লগতে বাহনখনত ৬টা এয়াৰবেগ, ইলেক্ট্ৰনিক ষ্টেবিলিটি প্ৰগ্ৰেম, আইছ’ফিক্স, হিল হোল্ড এচিষ্ট, ৰোল অভাৰ মিটিগেচন, ষ্টেণ্ডাৰ্ড বৈশিষ্ট্য হিচাপে আইটিপিএমএছৰ ব্যৱস্থাও কৰিছে। একেদৰে ইয়াত ৩৬০ ডিগ্ৰী কেমেৰা, ব্লাইণ্ড স্পট ভিউ মনিটৰিং, এছ অ’ এছ কলিং, অটো হোল্ডৰ সৈতে ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক, চাৰিওটা ডিস্ক ব্ৰেক আৰু হিল ডিচেণ্ট কণ্ট্ৰ’লৰ সুবিধা নিৰ্বাচিত ভেৰিয়েণ্টত আগবঢ়োৱা হৈছে।