Punch.ev আৰু Nexon.evলৈ ভাৰত-এনচিএপিৰ ৫-ষ্টাৰ সুৰক্ষা ৰেটিং

175

টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান তথা ভাৰতৰ ইভি বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে (টিপিইএম) Nexon.ev আৰু Punch.ev-এ  ভাৰত-এনচিএপি ৰ ৫ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰাৰ কথা ঘোষণা কৰিছে। Punch.ev-এ আজিলৈকে যিকোনো বাহনে লাভ কৰা সৰ্বোচ্চ স্ক’ৰ লাভ কৰি মাইলৰ খুঁটি স্থাপন কৰিছে – প্ৰাপ্তবয়স্ক আৰোহী সুৰক্ষা (এঅ’পি) আৰু শিশু আৰোহী সুৰক্ষা (চিঅ’পি)ৰ বাবে ক্ৰমে ৩১.৪৬/৩২ আৰু ৪৫/৪৯ পইণ্ট, Nexon.ev-এ  এঅ’পি আৰু চি অ’পিৰ বাবে ২৯.৮৬/৩২ আৰু ৪৪.৯৫/৪৯ পইণ্ট অৰ্জন কৰিছে।

এই ৰেটিঙৰ লগে লগে টাটা মটৰ্ছ এতিয়া ভাৰত-এনচিএপি আৰু গ্ল’বেল-এনচিএপিৰ পৰীক্ষণত ৫ ষ্টাৰ লাভ কৰা এছইউভি পৰ্টফলিঅ’ৰ সবাতোকৈ নিৰাপদ ৰেঞ্জ প্ৰাপ্ত একমাত্ৰ অ’ইএম। টাটা মটৰ্ছে ভাৰতীয় বাহন ক্ৰেতাসকলৰ বাবে সুৰক্ষাক প্ৰাথমিক প্ৰয়োজনীয়তা হিচাপে অগ্ৰাধিকাৰ দিছে, যাৰ ফলত টাটা মটৰ্ছ এই উদ্যোগৰ বেঞ্চমাৰ্ক হিচাপে পৰিগণিত হৈছে। কোম্পানীটোৱে সুৰক্ষাক অগ্ৰাধিকাৰ প্ৰদানৰ ক্ষেত্ৰত অগ্ৰণী প্ৰতিষ্ঠান হিচাপে কাম কৰি আহিছে আৰু ভাৰত-এনচিএপি প্ৰট’কল অনুসৰণ কৰা প্ৰথমটো নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে আদৰ্শ দাঙি ধৰি সৰ্বোত্তম ফলাফল লাভ কৰিছে।

ইলেক্ট্ৰিক এছ ইউ ভি Punch.ev-এ দীৰ্ঘ দূৰত্বৰ যাত্ৰা, উচ্চ প্ৰদৰ্শন আৰু উন্নত প্ৰযুক্তিৰ বাবে বিশেষকৈ গ্ৰাম্য বজাৰৰ ১০,০০০ৰো অধিক লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আনহাতে Nexon.ev-এ ইতিমধ্যে ৬৮,০০০ৰো অধিক ইউনিট বিক্ৰী কৰিছে। ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে,, “ভাৰত-এনচিএপিৰ অধীনত Nexon.ev আৰু Punch.ev-এ ৫ ষ্টাৰ ৰেটিং লাভৰ এই উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জনৰ বাবে টাটা মটৰ্ছক আন্তৰিক অভিনন্দন জনাইছোঁ।”