PSO বিচাৰি আহ্বান বিধায়ক শ্বেৰমান আলীৰ, উত্তৰ মুখ্যমন্ত্ৰীয়ে ক’লে কি?

আজি গুৱাহাটীৰ দিছপুৰত নৱনির্মিত বিধানসভা ভৱনত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্রথম দিন আৰম্ভ হোৱাৰ লগে লগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অধিৱেশনত ভাষণ দি পাঁচদিনীয়া এই কার্যসূচীত কেতবোৰ আলোচনাৰ ইংগিত প্ৰদান কৰে৷

বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে তেওঁৰ পি এছ অ’ (ব্যক্তিগত নিৰাপত্তা বিষয়া) পুনৰুদ্ধাৰ বিচাৰি নিজৰ প্ৰশ্ন উত্থাপন কৰে যাৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আৰক্ষী অধীক্ষকৰ পৰা পোৱা প্ৰতিবেদনে তেনেকুৱা কথা প্ৰকাশ কৰিছে কাৰণ বিধায়কজনে ৰাইজক উচটনি দিছিল আৰু পি এছ অ’ক নিৰ্দেশ দিছিল শ্বুট কৰক, সেয়েহে পিএছঅ’ আঁতৰোৱা হৈছে।

ৰাজনৈতিক শত্ৰুতাৰ বাবে জীৱনলৈ ভাবুকি আৰু শেহতীয়াকৈ সংঘটিত হোৱা আন কেইবাটাও আক্ৰমণৰ কথা উল্লেখ কৰি বাঘবৰৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক তেওঁৰ অনুৰোধৰ ওপৰত চকু ৰাখিবলৈ অনুৰোধ জনায়।

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী শৰ্মাই বিধায়কগৰাকীক ‘অনুগ্ৰহ কৰি পৰিপক্কতাৰে কাম কৰিবলৈ’ আহ্বান জনায় কিয়নো এনে দৃষ্টান্তই সাধাৰণতে মানুহক উচটনি দিয়া আৰু পিএছঅ’ক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়া এনে হিংসাত্মক ঘটনাত জড়িত জনপ্ৰতিনিধিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *