বিশিষ্ট সাংবাদিক তথা ‘প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

অসমীয়া সংবাদ আৰু সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জনপ্ৰিয় পষেকীয়া আলোচনী ‘প্ৰান্তিক’ৰ প্ৰতিষ্ঠাপক তথা সম্পাদক প্ৰদীপ বৰুৱাৰ বুধবাৰে সন্ধিয়া গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে কিছু দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বৰুৱাই পত্নী আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে, ‘দ্য আছাম ট্ৰিবিউন’ গোষ্ঠীৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় ৰাধাগোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ আছিল প্ৰদীপ বৰুৱা। একেটা পৰিয়ালৰে আন এক শোকাবহ কথা এয়ে যে তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা ‘আছাম ট্ৰিবিউন’ৰ পৰিচালন সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰো ঠিক এমাহৰ পূৰ্বে অৰ্থাৎ ১৪ ডিচেম্বৰত পৰলোকপ্ৰাপ্তি ঘটিছিল।

১৯৮১ চনত বিশিষ্ট সাহিত্যিক তথা চলচ্চিত্ৰ পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়াক মুখ্য সম্পাদক হিচাপে লৈ প্ৰদীপ বৰুৱাই ‘প্ৰান্তিক’ আলোচনীখনৰ যাত্ৰা আৰম্ভ কৰিছিল। বিগত চাৰিটা দশকৰো অধিক সময় ধৰি ‘প্ৰান্তিক’ কেৱল এখন আলোচনী হৈ থকা নাছিল, বৰঞ্চ ই অসমীয়া সমাজৰ বৌদ্ধিক আৰু সাহিত্য চৰ্চাৰ এক প্ৰধান স্তম্ভ হৈ পৰিছিল। বৰুৱাৰ বলিষ্ঠ সম্পাদনা আৰু সুদূৰপ্ৰসাৰী চিন্তাৰ বাবেই আলোচনীখনে প্ৰতিখন ঘৰত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

প্ৰদীপ বৰুৱাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি কয় যে বিশিষ্ট লেখক তথা সাংবাদিকগৰাকীৰ মৃত্যুৱে অসমীয়া সংবাদ জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে। ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়— “‘প্ৰান্তিক’ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক হিচাপে সাহিত্য, সাংবাদিকতা আৰু ৰাজহুৱা জীৱনলৈ তেওঁ আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব।” মুখ্যমন্ত্ৰীৰ উপৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা বিশিষ্ট ব্যক্তিসকলেও এইগৰাকী মহীৰূহৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *