পুটিনক ৰাছিয়ান ভাষাত অনুদিত ‘গীতা’ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

বৃহস্পতিবাৰে সন্ধিয়া ভাৰতত পদাৰ্পণ কৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ৰাছিয়ান ভাষাত অনুদিত এখন ‘গীতা’ উপহাৰ দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । পৱিত্ৰ গ্ৰন্থখন পুটিনক উপহাৰ হিচাপে প্ৰদান কৰি মোদীয়ে কয় যে গীতাৰ শিক্ষাই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক প্ৰেৰণা দিয়ে ।দুদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বৃহস্পতিবাৰে নিশা প্ৰধানমন্ত্ৰী মোদীৰ ৭, লোক কল্যাণ মাৰ্গৰ বাসগৃহত ব্যক্তিগতভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰে । তাতেই তেওঁক ‘গীতা’ উপহাৰ দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *