৪০,০০০ ভক্সৱেগেন বিক্ৰী কৰি পিপিএছ মটৰ্ছৰ অভিলেখ

125

পিপিএছ মটৰ্ছে ৪০,০০০খন ভক্সৱেগেন বাহন বিক্ৰী কৰাৰ মাইলৰ খুঁটিত উপনীত হৈ ভাৰতৰ প্ৰথমটো বহু ৰাজ্যিক ডিলাৰ হিচাপে নতুন ইতিহাস ৰচনা কৰিলে। বৰ্তমান পিপিএছ মটৰ্ছৰ ভাৰতৰ ভিতৰতে ভক্সৱেগেনৰ বাবে সৰ্ববৃহৎ টাচ্চপইণ্ট নেটৱৰ্ক আছে যাৰ ভিতৰত পাঁচখন ৰাজ্য ক্ৰমে তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, পশ্চিম বংগ আৰু অসমত বিয়পি থকা ৩৩টা টাচ্চপইণ্টৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে।

ক’ভিড মহামাৰীৰ পাছত অটো উদ্যোগত সামান্য মন্থৰতা আহিলেও পিপিএছ মটৰ্ছে নিজৰ ব্যৱসায় ৩৩টা টাচ্চ পইণ্টলৈ সম্প্ৰসাৰণ কৰি ভক্সৱেগেনৰ সৰ্ববৃহৎ নেটৱৰ্ক অংশীদাৰ হৈ পৰিছে। পিপিএছ মটৰ্ছে প্ৰতিখন দশম ভক্সৱেগেন বাহন বিক্ৰী আৰু ভক্সৱেগেন টাচ্চপইণ্টৰ বাবে ৪.৮ৰ উচ্চ গুগল ৰেটিঙে ব্যতিক্ৰমী সেৱাৰ মানদণ্ড আৰু গ্ৰাহকৰ সন্তুষ্টি প্ৰদৰ্শন কৰিছে।

পিপিএছ মটৰ্ছৰ পৰিচালন সঞ্চালক ৰাজীৱ ছাংভিয়ে এই উপলক্ষে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “আমি ডেৰ দশকৰো অধিক সময় ধৰি ভক্সৱেগেনৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই আনন্দিত হৈছোঁ। এই ফলপ্ৰসূ যাত্ৰাৰ বাবে আমি আমাৰ গ্ৰাহকসকক ধন্যবাদ জনাবই লাগিব। আমি এই মাইলৰ খুঁটি আৰু ভাৰতৰ ভিতৰতে ভক্সৱেগেনৰ সৰ্ববৃহৎ অংশীদাৰ হ’বলৈ পাই আমি গৰ্বিত।” ভক্সৱেগেন পেচেঞ্জাৰ কাৰ ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ আশিস গুপ্তাই পিপিএছ মটৰ্ছৰ এই অবিশ্বাস্য কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে। পিপিএছ মটৰ্ছে সম্প্ৰসাৰিত ভক্সৱেগেন পৰিয়ালক ব্যতিক্ৰমী গ্ৰাহক সন্তুষ্টি প্ৰদান কৰি এই মাত্ৰা আৰু অধিক উন্নীত কৰি আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে গুপ্তাই।

গুৱাহাটীত ক্ৰমান্বয়ে ভক্সৱেগেনৰ বিক্ৰী বৃদ্ধি পাইছে, যিয়ে বজাৰৰ প্ৰবল চাহিদা আৰু পিপিএছ মটৰ্ছৰ সেৱাৰ মানদণ্ড আৰু নিৰ্ভৰযোগ্যতাৰ ওপৰত গ্ৰাহকৰ আস্থাকে সূচাইছে। হায়দৰাবাদস্থিত পিপিএছ মটৰ্ছৰ কুকটপল্লী চিটী শ্ব’ৰুমত এক বিশেষ অনুষ্ঠানত ৰিফ্লেক্স ছিলভাৰ ৰঙৰ ভাৰ্টাছ কম্ফৰ্টলাইন মডেলৰ ৪০,০০০সংখ্যক ভক্সৱেগেন গাড়ীখন আনুষ্ঠানিকভাৱে গতাই দিয়া হয়। ভক্সৱেগেনৰ সৈতে যাত্ৰাৰ সময়ছোৱাত পিপিএছ মটৰ্ছে বহুকেইটা বঁটাৰে বিভূষিত হৈছে, ইয়াৰ ভিতৰত অন্যতম হৈছে সৰ্বোচ্চ বিক্ৰীৰ বঁটা(চেল কণ্ট্ৰিবিউচন এৱাৰ্ড) আৰু ২০২৩ চনৰ ফ’কাচ ছেগমেণ্টত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বঁটা ইত্যাদি।