পোষ্ট মেলনৰ কনচাৰ্টৰ পাছতে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী বিদেশী মহিলা ব্লগাৰে। তেওঁ ভাৰতত মহিলাৰ সুৰক্ষা কিমান তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাই ভ্ৰমণ কৰাৰ পাছত ইংলেণ্ডৰ কিছু সংখ্যক পৰ্যটক গুৱাহাটীত অনুষ্ঠিত হোৱা পোষ্ট মেলনৰ সংগীতানুষ্ঠান চাবলৈ আহিছিল। তেওঁলোক একো একোজন ব্লগাৰ। কিন্তু গুৱাহাটীৰ অনুষ্ঠানটোত তেওঁলোকে নিৰাপদ অনুভৱ নকৰিলে।
তেওঁলোকে অনুষ্ঠান চাবলৈ ভিতৰলৈ প্ৰৱেশ কৰাৰ কিছু সময়ৰ পাছতে তেওঁলোক ওলাই আহিবলৈ বাধ্য হ’ল। কাৰণ বিদেশী মহিলা পৰ্যটক কেইগৰাকীৰ দেহত সন্মতি অবিহনে স্পৰ্শ কৰা হ’ল, হেঁচা ঠেলা কৰা হ’ল।তেওঁ সামাজিক মাধ্যমত লিখিছে এইদৰে,”ভাৰতত এইধৰণৰ কনচাৰ্ট মহিলাসকলৰ বাবে নিৰাপদ স্থান বুলি আপুনি ভাবেনে?
যোৱা নিশা গুৱাহাটীৰ পোষ্ট মেলন কনচাৰ্টত কথাবোৰ অতি সোনকালে গুৰুতৰ হৈ পৰিল। ভিৰৰ মাজত দুগৰাকী মহিলা হিচাপে মোক আৰু মোৰ বান্ধৱী দুয়োকে ভিৰ হৈ থকা ঠাইখনত প্ৰৱেশ কৰাৰ কিছু মিনিটৰ ভিতৰতে সন্মতি অবিহনে স্পৰ্শ কৰা হ’ল। মাত্ৰ ১০ মিনিটৰ পিছত আমি জোৰকৈ ওলাই আহি বিক্ৰেতাসকলৰ ওচৰলৈ গুচি যাবলগীয়া হ’ল, কাৰণ আমি আৰু নিৰাপদ অনুভৱ কৰা নাছিলো।”
