দেশৰ বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত এক আগশাৰীৰ প্ৰতিষ্ঠান পলিকেব ইণ্ডিয়াই ফেন শাখাত নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ নতুন “ছুপাৰ আৰঅ’আই” শাখা মুকলি কৰিছে। এই কৌশলগত পদক্ষেপ ফেন শ্ৰেণীত বিনিয়োগৰ ফলাফল (আৰঅ’আই) ন ৰূপত সংজ্ঞায়িত কৰাৰ লক্ষ্যৰে হাতত লৈছে। এই সামগ্ৰী মুকলিয়ে উচ্চ প্ৰদৰ্শন, শক্তি সঞ্চয় আৰু আধুনিক সৌন্দৰ্যৰ এক নিখুঁত সমন্বয়ৰ প্ৰতিশ্ৰুতি দিছে। লগতে আজিৰ সময়ত বৃদ্ধি পাইছে শক্তিৰ খৰচ আৰু গ্ৰাহকৰ পছন্দ পৰিবৰ্তিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পলিকেবে গ্ৰাহকৰ বাবে সৰ্বোত্তম মূল্য নিশ্চিত কৰা উদ্ভাৱনী সমাধান প্ৰদান কৰাত অংগীকাৰবদ্ধ হৈ আছে।
পলিকেবৰ ছুপাৰ আৰঅ’আই ফেন শ্ৰেণীটো বিএলডিচি প্ৰযুক্তিৰে চালিত। এইসমূহে আপোনাক ৫০%পৰ্যন্ত শক্তি আৰু বিদ্যুৎ সঞ্চয় কৰিবলৈ সক্ষম আৰু নিৰ্বাচিত বিএলডিচি মডেলসমূহে ২৫% অধিক বায়ু প্ৰবাহ প্ৰদান কৰে। ওলোটাকৈ ঘূৰণৰ সহায়ত আপুনি শীতকালতো স্বাচ্ছন্দ্য অনুভৱ কৰিব পাৰিব। এই ফেনসমূহ ১০০% কপাৰৰ মটৰৰ সৈতে প্ৰস্তুত কৰা হৈছে, যিয়ে অধিক স্থায়িত্ব আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰে। চাৰি বছৰীয়া গেৰাণ্টিৰে উপলব্ধ এই ফেনসমূহ আধুনিক ৰূপ আৰু ৩০তকৈও অধিক ৰঙৰ বিকল্পত উপলব্ধ। পলিকেবৰ ছুপাৰ আৰঅ’আই ফেনসমূহে উন্নত প্ৰদৰ্শন, প্ৰযুক্তিৰ প্ৰয়োগ আৰু পণ্যৰ ফলাফল নিশ্চিত কৰে, যি এক সঠিক বিনিয়োগ হিচাপে পৰিগণিত হয়, যি সময়ৰ লগে লগে ফলপ্ৰসূ ৰূপে পৰিগণিত হয়।
এই মুকলিৰ বিষয়ে সদৰি কৰি পলিকেব ইণ্ডিয়াৰ কাৰ্যবাহী অধ্যক্ষ আৰু মুখ্য ব্যৱসায়িক বিষয়া ইশ্বিন্দৰ খুৰানাই কয় যে, “আজিৰ গ্ৰাহকে ঘৰুৱা সামগ্ৰীৰ পৰা অধিক আশা কৰে। বৃদ্ধি পাইছে শক্তিৰ খৰচ আৰু গ্ৰাহকৰ পছন্দও, এই পৰিবৰ্তিত সময়ছোৱাত, ৬১% গ্ৰাহকে শক্তি সঞ্চয়ক অগ্ৰাধিকাৰ দিয়ে, প্ৰদৰ্শন বা সৌন্দৰ্যৰ সৈতেও আপোচ নকৰে। এই চাহিদাসমূহ উপলব্ধি কৰি পলিকেবৰ বাবে এক কৌশলগত বৃদ্ধিৰ স্তম্ভ হৈ পৰিছে। আমাৰ ৰুৰকি কাৰখানাৰ সফলতাৰ পিছত হালোলত এক আধুনিক সুবিধা কেন্দ্ৰ স্থাপন কৰিছোঁ যাতে সম্প্রসাৰণ ত্বৰান্বিত হয়। ছুপাৰ আৰঅ’আই ফেনসমূহ পৰম্পৰাগত প্ৰত্যাশা অতিক্ৰম কৰাৰ বাবে ডিজাইন কৰা হৈছে, যিয়ে পলিকেবৰ উদ্ভাৱনী প্ৰতিশ্রুতি পূৰণ কৰে আৰু সমাধান প্ৰদান কৰে যি সময়ৰ লগে লগে প্ৰকৃতার্থত গ্ৰহকক ‘উচিত মূল্য’ প্ৰদান কৰে।”