পিৰামল ফাৰ্মা লিমিটেডৰ গ্ৰাহক সামগ্ৰী খণ্ড(চিপিডি)ৰ জনপ্ৰিয় এণ্টাচিড ব্ৰেণ্ড ‘পলিক্ৰল’ৰ বাবে এক গতিশীল ডিজিটেল অভিযান মুকলি কৰিছে, য’ত প্ৰখ্যাত অভিনেতা যীছু সেনগুপ্তাক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে দেখুওৱা হৈছে। এই অংশীদাৰিত্বই পাচনতন্ত্ৰৰ সুস্থতাক কেন্দ্ৰ কৰি হোৱা কথোপকথনক পুনৰ গঢ় দিয়াৰ বাবে পলিক্ৰলৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তৰ ইংগিত দিছে।চাৰি দশকতকৈও অধিক সময় ধৰি অব্যাহত থকা সমৃদ্ধ ইতিহাসেৰে পলিক্ৰলে লাখ লাখ লোকৰ আস্থা অৰ্জন কৰি আহিছে আৰু নিজকে এচিডিটিৰ পৰা তৎক্ষণাৎ আৰু স্থায়ী সকাহ দিয়াৰ বাবে পছন্দৰ প্ৰতিকাৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। পদিনা আৰু কমলাৰ ফ্লেভাৰত আগবঢ়োৱা পলিক্ৰ’লে ভাৰতৰ এক প্ৰধান তৰল এণ্টাচিড ব্ৰেণ্ড হিচাপে খ্যাতি লাভ কৰিছে আৰু দেশৰ পশ্চিম বংগ, অসম আৰু ওড়িশাক সামৰি পূব ভাৰতৰ শীৰ্ষ ৩টা প্ৰতিষ্ঠানৰ ভিতৰত স্থান লাভ কৰিছে। বৰ্তমান চোবাব পৰা টেবলেটৰ ৰূপতো উপলব্ধ পলিক্ৰ’ল।

এই প্ৰচাৰ অভিযানৰ কাহিনীভাগ এটা চিনাকি দৃশ্যপটৰ মাজেৰে আগবাঢ়িছে য’ত যীছু সেনগুপ্তক কৰ্পৰেট পেছাদাৰী হিচাপে দেখা গৈছে, য’ত তেওঁৰ ব্যস্ততাপূৰ্ণ সময়সূচী আৰু অস্বাভাৱিক খাদ্যাভ্যাসৰ বাবে প্ৰতিষ্ঠানটোৰ গুৰুত্বপূৰ্ণ উপস্থাপনৰ মাজত এচিডিটিৰ সৈতে যুঁজি থাকিব লগা হৈছে। দ্ৰুত জীৱনশৈলীৰ বাবে প্ৰভাৱিত এই ক্ষণত ব্ৰেণ্ডটোৰ নিৰ্ভৰযোগ্যতা আৰু সময়মতে সকাহ প্ৰদানৰ ফলপ্ৰসূতাক আলোকপাত কৰি প্ৰদৰ্শন কৰা হৈছে আৰু প্ৰয়োজনৰ মুহূৰ্তত বিশ্বাসযোগ্য মিত্ৰ হিচাপে স্থান দিয়া হৈছে। মাত্ৰ ১০ ছেকেণ্ডত সকাহ প্ৰদান কৰা দ্ৰুত ক্ৰিয়া সূত্ৰ আৰু দীৰ্ঘস্থায়ী সকাহ নিশ্চিত কৰা উচ্চ মানদণ্ডৰ এচিড নিউট্ৰেলাইজিং সম্ভাৱনীয়তাৰে পলিক্ৰ’লে ব্যস্ত জীৱনত নেভিগেট কৰা লোকসকলৰ বাবে চূড়ান্ত সমাধান হিচাপে আত্মপ্ৰকাশ কৰে।

পিৰামল কনজিউমাৰ প্ৰডাক্টছ ডিভিজনৰ চিইঅ’ নীতিশ বাজাজে এই সহযোগিতাৰ বিষয়ে নিজৰ আগ্ৰহ ব্যক্ত কৰি পূব ভাৰতৰ জনসাধাৰণৰ সৈতে যীছু সেনগুপ্তৰ গভীৰ সংযোগ আৰু জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে, যিবোৰ পলিক্ৰলৰ আস্থা আৰু নিৰ্ভৰযোগ্যতাৰ মূল্যবোধৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংগতি ৰাখে। সুদৰ্শন অভিনেতা আৰু টেলিভিছনৰ জনপ্ৰিয় আঁতধৰোতা যীছু সেনগুপ্তাই পলিক্ৰ’লক প্ৰতিনিধিত্ব কৰিবলৈ পাই নিজৰ উত্সাহ ব্যক্ত কৰে আৰু হজম তথা সুস্থতাক পুনৰ সংজ্ঞায়িত কৰি সমগ্ৰ অঞ্চলৰ লাখ লাখ লোকক আৰাম প্ৰদান কৰাৰ বাবে ব্ৰেণ্ডটোৰ প্ৰতিশ্ৰুতি আৰু সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।