পেপাৰফ্ৰাই মণিপুৰৰ ইম্ফলত নতুন ষ্টুডিঅ’ মুকলি কৰে

মণিপুৰৰ ৰাজধানী ইম্ফলত পেপাৰফ্ৰাই (Pepperfry)য়ে তেওঁলোকৰ নতুন ষ্টুডিঅ’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। কোম্পানীৰ অফলাইন সম্প্ৰসাৰণৰ লক্ষ্যৰ সৈতে ইয়াক মুকলি কৰা হৈছে। ইয়াৰদ্বাৰা তেওঁলোকে দেশৰ বজাৰত নিজৰ স্থিতি শক্তিশালী কৰি বিশেষ বজাৰত প্ৰৱেশ কৰি সৰ্বজনীন উপভোক্তা শক্তিশালী কৰিছে। পেপাৰফ্ৰাইৰ ষ্টুডিঅ’ৰ সম্প্ৰসাৰণ ঘটাই বৰ্তমান দেশৰ ৯০+ চহৰত ১৮০+ ষ্টুডিঅ’ৰ সৈতে ভেটি সবল কৰি তুলিছে।

জে.বি. এণ্টাৰপ্ৰাইজেছৰ সৈতে অংশীদাৰীত্বত পেপাৰফ্ৰাইৰ নতুন ষ্টুডিঅ’ ইম্ফলৰ মান্ত্ৰিপুখ্ৰী ইষ্টত মুকলি কৰা হৈছে। ১৫০০ বৰ্গফুট জুৰি বিস্তৃত হৈ থকা বিপনীখনত গ্ৰাহকসকলে আচবাব আৰু ঘৰুৱা সামগ্ৰীৰ এক অসীম তালিকাৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিব। গ্ৰাহকসকলে কোম্পানীৰ আভ্যন্তৰীণ ডিজাইন পৰামৰ্শদাতাৰ পৰা বিশেষ ডিজাইনৰ পৰামৰ্শ লাভ কৰিব।

ইম্ফলৰ এই ষ্টুডিঅ’ৰ লক্ষ্য হৈছে মণিপুৰৰ গৃহ আৰু গ্ৰাহকৰ অনন্য প্ৰয়োজনীয়তা অনুসৰি এক ব্যক্তিগতকৃত বজাৰৰ অভিজ্ঞতা প্ৰদান কৰা। ইয়াৰ মুকলি সন্দৰ্ভত পেপাৰফ্ৰাইৰ ফ্ৰেঞ্চাইজিং এণ্ড এলায়েন্সৰ বিজনেছ হেড অমৃতা গুপ্তাই কয়, “সমগ্ৰ বিশ্বতে ঘৰ বুলি কোৱা এক অনুভৱ কঢ়িয়াই অনাৰ আমাৰ লক্ষ্যৰ সৈতে, আমি নিৰন্তৰভাৱে গ্ৰাহক সেৱা প্ৰদান কৰিবলৈ চেষ্টা কৰিছো।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *