মানৱ-হাতী সংঘাত প্ৰভাৱিত গোৱালপাৰাৰ বেছৰক’ণা কোঁচপাৰাৰ গাঁওত উভতিছে শান্তি

83

বন্যহস্তীৰ উপদ্ৰৱৰ বাবে দীৰ্ঘদিন ধৰি তীব্ৰ মানসিক পীড়া আৰু অস্তিত্বৰ সংকটত জীয়াই থকিব লগা হোৱা গোৱালপাৰা জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত দুৰ্গম বেছৰক’ণা কোঁচপাৰাৰ গাঁওবাসীয়ে সম্প্ৰতি শান্তিৰে বাস কৰিব পাৰিছে। তেওঁলোকৰ মুখলৈ এতিয়া হেৰুৱা হাঁহি ঘূৰি আহিছে। “ বন্যহস্তীৰ পৰা আমাৰ গাঁওখন আৰু ইয়াৰ আৱাসীসকলক সুৰক্ষা দিয়া সৌৰ শক্তি-চালিত এডলীয়া তাঁৰৰ এখন বেৰে গাওঁবাসীক এক নতুন জীৱন দান দি তেওঁলোকৰ সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে । এই বেৰখন আমাৰ গাওঁবাসীৰ কাৰণে আয়ুসৰেখাতকৈ কম নহয় ।” জিলাখনৰ লক্ষীপুৰ মহকুমাৰ সদৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত অৱস্থিত বেছৰকণা কোঁচপাৰাৰ এগৰাকী অগ্ৰণী মহিলা, দুগৰাকী নাবালিকা কন্যাৰ মাতৃ কিংগিছ কোঁচে এইদৰে কয়।মানৱ-হাতী সংঘাতৰ ক্ৰমবৰ্ধমান ঘটনাৰ বাবে অঞ্চলটোৰ মহিলাসকল অতি ভীত-সন্ত্ৰস্ত হৈ থাকিব লগা হৈছিল । তেওঁলোকে সূৰ্যাস্তৰ লগে লগে নিশাৰ আহাৰ ৰান্ধি-বঢ়াৰ লগতে ঘৰৰ সকলো কাম-বন কৰি শেষ কৰিবলৈ বাধ্য হৈছিল, কাৰণ আন্ধাৰ হোৱাৰ পাছতে গাঁৱত বন্যহস্তীৰ জাকৰ প্ৰৱেশৰ পাছত কি অৱস্থাৰ সৃষ্টি হয় সেই কথা কোনেও নাজানিছিল । খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰা বন্যহস্তীয়ে নিশা এটাৰ পাছত এটাকৈ ঘৰ ভাঙি তহিলং কৰাৰ ঘটনা গাঁওবাসীৰ কাৰণে প্ৰায় নৈমিত্তিক ঘটনা আছিল ।গাঁৱৰ পুৰুষ সকল বন্যহস্তী খেদোৱাৰ কামত ব্যস্ত হৈ থাকিবলগা হোৱাৰ সময়ত মহিলাসকলে ঘৰৰ শিশু আৰু বয়সস্থ সকলক একগোট কৰি নিৰাপদ স্থানলৈ পলাব লগা হৈছিল ।মানৱ-হাতী সংঘাত প্ৰশমন আৰু সহাৱস্থানক উদগনি যোগোৱাৰ নিৰলস প্ৰচেষ্টাৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ইউ এছ এফ ডব্লিউ এছ আৰু বন বিভাগৰ গোৱালপাৰা বন সংমণ্ডলৰ সহযোগত চলিত বৰ্ষৰ এপ্ৰিল মাহত বেছৰকণা আৰু ১ নং পুখুৰীপাৰা গাঁৱক সামৰি ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন এডলীয়া তাঁৰ বিশিষ্ট সৌৰশক্তি চালিত বেৰা স্থাপন কৰে । বেছৰকণাৰ বেৰ খনৰ দৈৰ্ঘ্য ১.৬ কিলোমিটাৰ ।