পেটিএমে কলকাতা গ্ৰন্থমেলাত সক্ষম কৰে মোবাইল পেমেণ্টৰ সুবিধা

ভাৰতৰ আগশাৰীৰ মোবাইল পেমেণ্ট আৰু বিত্তীয় সেৱা কোম্পানী পেটিএমে (Paytm) কলকাতা গ্ৰন্থমেলাত মোবাইল পেমেণ্টত ১০০ টকালৈকে কেচবেক অফাৰ আগবঢ়াইছে। কোম্পানীটোৱে ইয়াৰ একাধিক ব্ৰেণ্ডিং সমগ্ৰ স্থানত ৰাখিছে। গ্ৰন্থমেলাখন পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৩০ জানুৱাৰীত উদ্বোধন কৰিছিল আৰু দৈনিক প্ৰায় ১ লাখ লোকৰ সমাগম হৈ আছে।

পেটিএম হৈছে এই গ্ৰন্থমেলাৰ ডিজিটেল পেমেণ্ট এছ’চিয়েট। ফ্ৰেংকফুর্ট গ্ৰন্থমেলাৰ পিছত আকাৰ আৰু উপস্থিতিৰ ক্ষেত্ৰত কলকাতা গ্ৰন্থমেলা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ গ্ৰন্থমেলা। পেটিএমে এটা বিশেষ গেট তৈয়াৰ কৰিছে, যি হৈছে কলকাতাৰ ৰাষ্ট্ৰীয় পুথিভঁৰালৰ প্ৰতিকৃতি। এইটো অষ্টাদশ শতিকাৰ এক প্ৰতিষ্ঠিত গাঁথনি আৰু দেশৰ সৰ্ববৃহৎ পুথিভঁৰাল, য’ত ২.২ নিযুতৰো অধিক গ্ৰন্থ আছে।

ইউজাৰসকলে নিম্নতম অৰ্ডাৰ মূল্য ৩০ টকাত কেছবেক লাভ কৰিব পাৰে আৰু তিনিটা পেমেণ্টৰ ওপৰত প্ৰযোজ্য হ’ব। পেটিএমে সকলোৰে বাবে আটাইতকৈ বিস্তৃত মোবাইল পেমেণ্ট আৰু বিত্তীয় সেৱা আনিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *