বিভিন্ন বেংকৰ কোটিৰো অধিক গ্ৰাহকে ব্যৱহাৰ কৰিছে আইচিআইচিআই বেংকৰ আইম’বাইল পে সেৱা

আইচিআইচিআই বেংকে ৰিটেইল মোবাইল বেংকিং এপ আইম’বাইল পেই আন বেংকৰ এক কোটিৰো অধিক গ্ৰাহকক অন-ব’ৰ্ড কৰিবলৈ সক্ষম হোৱাৰ কথা সগৌৰৱে প্ৰকাশ কৰিছে। আইচিআইচিআই বেংকে অন্য বেংকৰ গ্ৰাহকৰ বাবে এই এপটো মুকলি কৰাৰ ৩ বছৰৰ অলপ বেছি সময়ৰ ভিতৰতে এই উল্লেখযোগ্য কৃতিত্ব লাভ কৰিছে। আইম’বাইল পে এপৰ ব্যৱসায় ২০২৪ চনৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে সামগ্ৰিক লেনদেনৰ মূল্য ২৬% বৃদ্ধি পাইছে, ইতিমধ্যে ১ কোটিৰো অধিক গ্ৰাহকে ইয়াক ব্যৱহাৰ কৰিছে আৰু যোৱা বছৰৰ একে সময়ৰ তুলনাত গড় টিকটৰ পৰিমাণ ১৬% বৃদ্ধি পাইছে।

এই মাইলৰ খুঁটিয়ে সমগ্ৰ দেশৰ ব্যৱহাৰকাৰীসকলৰ পৰা বিশেষকৈ প্ৰধান মেট্ৰ’ চহৰ আৰু ৰাজধানী চহৰসমূহত ‘আইম’বাইল পে’ই লাভ কৰা ব্যাপক গ্ৰহণযোগ্যতা আৰু শক্তিশালী নিয়োজিততাক প্ৰতিফলিত কৰিছে। আইচিআইচিআই বেংকৰ ডিজিটেল চেনেল আৰু অংশীদাৰিত্ব বিভাগৰ মুৰব্বী সিদ্ধাৰ্থ মিশ্ৰই কয় যে, “আমি গ্ৰাহকৰ ব্যাপক সঁহাৰি প্ৰত্যক্ষ কৰি উত্সাহী হৈছো আৰু নিৰন্তৰ উদ্ভাৱনৰ জৰিয়তে ব্যৱহাৰকাৰীৰ বেংকিং সুবিধা বৃদ্ধি-প্ৰসাৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।”

দেশৰ মোবাইল বেংকিং এপৰ অগ্ৰণী প্ৰতিষ্ঠান আইচিআইচিআই বেংকে ২০০৮ত মুকলি কৰি ২০২০ চনৰ ডিচেম্বৰ মাহত এই এপটো ইণ্টাৰঅপাৰেবল(আভ্যন্তৰীণভাৱে কাৰ্যকৰী) কৰি তোলা প্ৰথমটো বেংক হিচাপে পৰিগণিত হৈছিল। গ্ৰাহকে এতিয়া এপটোৰ সৈতে নিজৰ চেভিংছ বেংক একাউণ্ট লিংক কৰি ইউপিআই আইডি জেনেৰেট কৰাৰ লগে লগে আইম’বাইল পে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ সহায়ত পেমেণ্ট, বিল পৰিশোধ, অনলাইন ৰিচাৰ্জ আৰু ধন স্থানান্তৰ(মানি ট্ৰান্সফাৰ) আদি বিভিন্ন সেৱা উপভোগ কৰিব পাৰিব। এই এপটোৰ জৰিয়তে ব্যৱহাৰকাৰী বা গ্ৰাহকসকলে বিভিন্ন বেংকিং বিকল্পৰ সুবিধা লাভ কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *