ভাৰতত প্ৰথমগৰাকী মহিলাক মুৰব্বীৰ সৈতে নতুন যুগৰ সূচনা কৰিছে অৰিফ্লেমে

170

নিৰাপদ, পৰিৱেশনকামী আৰু দায়িত্বশীল সামগ্ৰীৰ প্ৰতি দায়বদ্ধতাৰ বাবে খ্যাতিসম্পন্ন ছুইডেনৰ অগ্ৰণী কল্যাণকামী ব্ৰেণ্ড অৰিফ্লেমে ভাৰতত এডিটা কুৰেকক প্ৰথমগৰাকী মহিলা মুৰব্বীৰূপে দায়িত্ব প্ৰদান কৰি এক নতুন যুগৰ সূচনা কৰিছে। প্ৰতিষ্ঠাটোৱে আৰ্থিক স্বতন্ত্ৰতা আৰু কল্য়াণ সাধনৰ লক্ষ্যৰে পৰৱৰ্তী প্ৰজন্মক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে।  অৰিফ্লেম হৈছে জলবায়ুৰ দ্বাৰা প্ৰভাৱিত অঞ্চলৰ মহিলাসকলক সহায় কৰিবলৈ নবীকৰণযোগ্য শক্তিত বিনিয়োগ কৰি বিশ্বজুৰি পি-আৰইচি ক্ৰয় কৰা প্ৰথমটো বিউটী ব্ৰেণ্ড। বিশ্বৰ কৰ্মশক্তিৰ ৬০%ই হৈছে মহিলা আৰু সমগ্ৰ বিশ্বকে নেতৃত্ব দিবলৈ সক্ষম হৈছে আজিৰ মহিলাই।

লাখ লাখ লোকক আৰ্থিকভাৱে স্বতন্ত্ৰ কৰি সবলীকৰণ আৰু দক্ষতা বিকাশ তথা ব্যৱসায়িক সুযোগৰ জৰিয়তে উদ্যোগীকৰণক প্ৰতিপালন কৰি আহিছে অৰিফ্লেমে। বহনক্ষমতা আৰু নৈতিক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰতিষ্ঠান হিচাপে অৰিফ্লেমে উদ্ভাৱনীমূলক সুস্থতা সমাধানৰ বাবে সদায়ে স্বীকৃতি হৈ আহিছে। কোম্পানীটোৱে ২০২৩ বৰ্ষত ‘ইনোভেচন ইন ছাষ্টেনেবিলিটি’ৰ বাবে আইএফচিএ ষ্টাৰ বঁটা লাভ কৰিছিল। অৰিফ্লেমৰ ভাৰত আৰু ইণ্ডোনেছিয়াৰ মুৰব্বী তথা জ্যেষ্ঠ উপাধ্যক্ষ এডিটা কুৰেকে কোম্পানীটোৰ দ্বৈত-কেন্দ্ৰিক ষ্ট্ৰেটেজীৰ বিষয়ে কয় যে, “আমাৰ সামাজিক বিক্ৰীৰ আৰ্হিয়ে মানুহৰ উপকাৰ সাধন কৰাৰ লগতে আৰ্থিক স্বতন্ত্ৰতা প্ৰদান কৰিবলৈ সক্ষম কৰিছে।”

সামাজিকভাৱে বিক্ৰী ক্ষেত্ৰখনৰ আগশাৰীৰ প্ৰতিষ্ঠানে অৰিফ্লেমে নিজৰ অনন্য মডেলসমূহৰ জৰিয়তে প্ৰতিগৰাকী ব্যক্তিক প্ৰত্যক্ষভাৱে জড়িত কৰি সবল কৰি তোলে আৰু ক্ষুদ্ৰ উদ্যমিতাক আগুৱাই লৈ যায়। অৰিফ্লেমে ব্ৰেণ্ড অংশীদাৰসকলক সফলতা লাভ কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু প্ৰশিক্ষণৰ সৈতে সজ্জিত কৰি তোলে, লগতে নিবনুৱা আৰু আয়ৰ বৈষম্যৰ দৰে সামাজিক বিষয়সমূহৰ সৈতে মোকাবিলা কৰি বহুজনৰ বাবে আৰ্থিক স্বতন্ত্ৰতাৰ পথ মুকলি কৰে।