আছাম এনাৰ্জী ইনষ্টিটিউটৰ সৈতে অংশীদাৰিত্ব অ’এনজিচিৰ, শক্তি খণ্ডত দক্ষতা-সম্ভাৱনা বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ

আছাম এনাৰ্জী ইনষ্টিটিউটক সমৰ্থন আগবঢ়াই শক্তি খণ্ডৰ ভৱিষ্যত গঢ় দিয়াৰ দায়বদ্ধতাক পুনৰবাৰ প্ৰমাণ কৰিলে অ’এনজিচিয়ে ৷ পেট্ৰ’লিয়াম প্ৰযুক্তিবিদ্যা আৰু সম্প্ৰসাৰিত শক্তিৰ ক্ষেত্ৰখনত বিশ্বমানৰ প্ৰতিভাসমূহক সুযোগ দিয়াৰ লক্ষ্যৰে অ’এনজিচিয়ে ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰলিয়াম টেকন’লজি (আৰজিআইপিটি)ৰ অসম কেন্দ্ৰটোৰ সৈতে সহযোগিতা কৰি ইয়াক উৎকৃষ্টতাৰ কেন্দ্ৰৰূপে উন্নীত কৰিছে।গুৱাহাটীৰ আছাম এনাৰ্জী ইনষ্টিটিউটত নৱনিৰ্মিত প্ৰশাসনিক ভৱন, ছাত্ৰাৱাস আৰু ছাত্ৰী নিবাসৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, তথা শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। লগতে এই অনুষ্ঠানত উপস্থিত থাকে অ’এনজিচিৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া অৰুণ কুমাৰ সিঙৰ লগতে শক্তি খণ্ডৰ অন্যান্য কেইবাজনো বিশিষ্ট ব্যক্তি।


নিজৰ উত্সাহ প্ৰকাশ কৰি তেলীয়ে প্ৰতিষ্ঠানটোৰ সম্প্ৰসাৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শৈক্ষিক প্ৰচেষ্টাৰ বাবে অ’এনজিচিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। একেদৰে অৰুণ কুমাৰ সিঙে এই সহযোগিতামূলক প্ৰচেষ্টাৰ প্ৰশংসা কৰি আছাম এনাৰ্জী ইনষ্টিটিউটক দেশৰ শৈক্ষিক দৃশ্যপটত উৎকৃষ্টতা কেন্দ্ৰ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে। এই শুভাৰম্ভণিয়ে প্ৰতিষ্ঠানটোৰ দক্ষ পেছাদাৰীসকলক ভৱিষ্যতে শক্তিখণ্ডক নেতৃত্ব প্ৰদানৰ দিশত সাজু হোৱাৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি ৰূপে চিহ্নিত হৈছে। অ’এনজিচিৰ অটল সমৰ্থনে শক্তি খণ্ডৰ ভিতৰত শৈক্ষিক উন্নতি আৰু উৎকৰ্ষতাৰ প্ৰতি নিজৰ সমৰ্পণকে সূচাইছে।


ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰলিয়াম টেকন’লজিৰ স্বীকৃতিপ্ৰাপ্ত আছাম এনাৰ্জী ইনষ্টিটিউটে প্ৰতিভাক উপযুক্ত মঞ্চ প্ৰদান কৰি হাইড্ৰ’কাৰ্বন খণ্ডত উদ্ভাৱনৰ ইতিবাচক পৰিৱেশ গঢ়ি তোলাটোৱে অ’এনজিচিৰ দায়বদ্ধতাকে সূচাইছে । এই পদক্ষেপৰ জৰিয়তে অ’এনজিচিয়ে শক্তি উদ্যোগক আগুৱাই নিয়াৰ ক্ষেত্ৰত নিজৰ দৃঢ়তা আকৌ এবাৰ প্ৰমাণ কৰিছে আৰু নিজৰ ডমেইনত শৈক্ষিক পদক্ষেপৰ বাবে এক বেঞ্চমাৰ্ক স্থাপন কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *