ভাৰতৰ প্ৰথমটো স্কিল ইণ্ডিয়া চেণ্টাৰে ওড়িশাৰ যুৱক-যুৱতীৰ বাবে মুকলি কৰিছে সম্ভাৱনাৰ দ্বাৰ

ওড়িশাৰ সম্বলপুৰত মুকলি হ’ল দেশৰ অগ্ৰণী স্কিল ইণ্ডিয়া চেণ্টাৰ (এছআইচি), এই কেন্দ্ৰটো উদ্বোধন কৰিলে কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এই গুৰুত্বপূৰ্ণ পদক্ষেপে ভাৰতৰ দক্ষতা বিকাশৰ দৃষ্টিভংগীত নতুন দিগন্তৰ সূচনা কৰিছে। এই কেন্দ্ৰৰ মুকলিয়ে কেৱল নিয়োগ সৃষ্টিয়ে নহয়, যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱন আৰু উদ্যোগীকৰণ আৰু উদ্যমিতাকো লালন-পালন কৰাত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰী প্ৰধানে দ্ৰুতগতিত বিকশিত নিয়োগৰ বজাৰখন তৈয়াৰ কৰাৰ বাবে যুৱক-যুৱতীসকলক সমসাময়িক দক্ষতাৰে সজ্জিত কৰাৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে, স্কিল ইণ্ডিয়া কেন্দ্ৰই গুণগত শিক্ষা সুলভ আৰু সহজ কৰি তুলিবলৈ সাজু হৈছে, বিশেষকৈ ঘৰুৱা আৰু বিশ্বব্যাপী উচ্চ চাহিদা তথা পাঠ্যক্ৰম, দক্ষতা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষভাৱে জোৰ দিয়া হ’ব।

অমৃত পিড়ি(নতুন প্ৰজন্ম)ৰ আশা-আকাংক্ষা পূৰণৰ বাবে প্ৰস্তুত কৰা এছআইচিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষ আৰু সবল ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মিডিয়া আৰু মনোৰঞ্জন, চামৰা, পৰ্যটন আৰু সেৱা-আতিথ্য আৰু তথ্যপ্ৰযুক্তি-আই.টি.ই.এছৰ দৰে অত্যাধুনিক পাঠ্যক্ৰমসমূহ আগবঢ়ায়।

এই কেন্দ্ৰটোৱে অত্যাধুনিক আন্তঃগাঁথনি আৰু উদ্যোগ-সংলগ্ন পাঠ্যক্ৰমৰ জৰিয়তে নতুন নতুন প্ৰয়াস সৃষ্টিৰে কেৱল দক্ষতাৰ ব্যৱধান হ্ৰাস কৰাই নহয়, যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱন আৰু উদ্যোগীকৰণৰ সংস্কৃতিকো লালন-পালনৰ লক্ষ্য ৰাখিছে। সমগ্ৰ ওড়িশাত এনে কেন্দ্ৰৰ শুভাৰম্ভণিয়ে ৰাজ্যখনৰ উন্নয়নত লাভান্বিত কৰাৰ লগতে বহনক্ষম নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে চৰকাৰৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিলে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *