দেশৰ পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ বাবে বিশ্বব্যাপী ক্ৰীড়াক্ষেত্ৰত ব্যৱহৃত চশমাৰ অগ্ৰণী প্ৰতিষ্ঠান অ’কলেই ক্ৰিকেট তাৰকা ৰোহিত শৰ্মাৰ সৈতে নিজৰ শক্তিশালী অভিযানৰ শেহতীয়া সংস্কৰণ ‘বি হু ইউ আৰ’ আৰম্ভ কৰিছে। ৰোহিত শৰ্মাই চতুৰ্থ বিশ্বকাপ খিতাপ অৰ্জনৰ বাবে ভাৰতক নেতৃত্ব দিবলৈ সাজু হোৱাৰ ক্ষণত এই সহযোগিতাই অ’কলেৰ সৈতে একেৰাহে পঞ্চম বৰ্ষলৈ সহযোগিতা অব্যাহত ৰাখিছে, যি খেলৰ প্ৰতি প্ৰকৃতাৰ্থত আস্থা ৰখা আৰু নিজক আগুৱাই নিয়া আৰু বিশ্বাসযোগ্য ব্ৰেণ্ড ৰূপে সংজ্ঞায়িত কৰাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ দৃঢ় কৰিছে। ৰোহিত শৰ্মাক কেন্দ্ৰবিন্দু হিচাপে লৈ চিত্ৰায়িত কৰা এই নতুন বিজ্ঞাপনত এজন খেলুৱৈৰ যাত্ৰাক সংজ্ঞায়িত কৰা বিশ্বাসযোগ্যতা, আবেগ আৰু আত্মবিশ্বাসক উদযাপন কৰা হৈছে। ধাৰাবাহিকভাৱে মন চুই যোৱা দৃশ্যৰ জৰিয়তে ৰোহিত শৰ্মাই উচ্চাকাংক্ষী খেলুৱৈসকলক নিজৰ অন্তৰ্নিহিত শক্তি-কণ্ঠক বিশ্বাস কৰিবলৈ আৰু নিজৰ প্ৰতি সততাৰে উৎকৃষ্টতাৰ বাবে প্ৰয়াস কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে। এই অভিযানৰ লক্ষ্য হৈছে নিৰ্দিষ্ট গ্ৰাহকৰ সৈতে অনুৰণন ঘটোৱা, লগতেভাৰতত ক্ৰীড়া আৰু সক্ৰিয় জীৱনশৈলীক উন্নীত কৰাৰ বাবে অ’কলেৰ সামগ্ৰিক অভিযানত আৱৰি ৰখা।

অ’কলে ইণ্ডিয়াৰ জ্যেষ্ঠ ব্ৰেণ্ড ব্যৱসায় প্ৰৱন্ধক চাহিল জান্দিয়ালে ৰোহিত শৰ্মাৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা আৰু প্ৰচাৰ অভিযানৰ শেহতীয়া অধ্যায় উন্মোচন কৰাৰ বিষয়ে জনাবলৈ পাই উত্সাহী হৈ পৰিছে। জান্দিয়ালে খেলুৱৈসকলৰ ক্ৰীড়াৰ লগতে ব্যক্তিত্ব দুয়োটা দিশৰ ওপৰত আলোকপাত কৰাৰ ওপৰত অকলেৰ গুৰুত্বৰ কথা সদৰি কৰিছে, লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে লিডাৰ আৰু ইতিবাচক আদৰ্শ হিচাপে নিজৰ ভূমিকা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই অভিযান সন্দৰ্ভত মন্তব্য কৰি ৰোহিত শৰ্মাই কয় যে, ‘‘বি হু ইউ আৰ’ অভিযানৰ জৰিয়তে আমি পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈসকলক নিজৰ বিশ্বাসযোগ্যতাক আকোৱালি ল’বলৈ আৰু অদম্য আত্মবিশ্বাসেৰে নিজৰ সপোনক সাধন কৰিবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্য ৰাখিছো, যি মন্ত্ৰই মোৰ যাত্ৰাৰ পথ প্ৰদৰ্শন কৰিছে।” এই অভিযানত ৰোহিত শৰ্মাই অ’কলেৰ নতুনকৈ মুকলি কৰা চশমা – স্ফেৰা আৰু বিছফেৰা পৰিধান কৰি প্ৰদৰ্শন কৰিছে, যিবোৰে এতিয়ালৈকে সবাতোকৈ বিস্তৃত দৃষ্টিক্ষেত্ৰ প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। খেলুৱৈসকলৰ কঠোৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে তৈয়াৰ কৰা এই চশমাৰ ষ্টাইলসমূহে আগন্তুক অলিম্পিক ২০২৪ত এক বাৰ্তা প্ৰদান কৰিবলৈ সাজু হৈছে।ব্ৰেণ্ডমুভাৰ্ছ ইণ্ডিয়াৰ ধাৰণাৰে প্ৰস্তুত কৰা এই বিজ্ঞাপন অভিযানৰ লক্ষ্য হৈছে ৰোহিত শৰ্মাক অনুপ্ৰেৰণা হিচাপে চিত্ৰায়িত কৰা, ৰোহিত শৰ্মাৰ কষ্টোপাৰ্জিত সাফল্য আৰু বিশ্বৰ অন্যতম সফল খেলুৱৈ হোৱাৰ যাত্ৰাক সকলোৰে সমুখত উজ্জ্বল কৰি তোলা। খেলপথাৰৰ ভিতৰত আৰু বাহিৰতো ৰোহিত শৰ্মাৰ মনোভাৱক মূৰ্ত কৰি তুলিব বিচৰাসকলৰ বাবে অ’কলেৰ স্ফেৰাৰ মূল্য ১২,৯৯০/- টকাৰ পৰা আৰম্ভ হৈছে আৰু বিস্ফেৰাৰ মূল্য ১১,৪৯০/- টকাৰ পৰা আৰু আগশাৰীৰ অপটিকেল ষ্ট’ৰ, ছানগ্লাছ হাট, লেনছক্ৰাফ্টাৰ্ছ আৰু অনলাইন প্লেটফৰ্ম যেনে আমাজন, মিণ্ট্ৰা, আজিও আৰু টাটা ক্লিক লাক্সাৰী।